শিৱসাগৰত আইন সেৱা শিবিৰ অনুষ্ঠিত

0 335

শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ যৌথ উদ্যোগত কালি  আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন আইন সেৱা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰ আয়োজনৰ অংশ ৰূপে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা সেৱা আৰু আঁচনি সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।ডিমৌস্থিত আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত এই আইন সেৱা শিবিৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম। এই অনুষ্ঠান উপস্থিত থাকি জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে তেওঁৰ বক্তব্যত এই শিবিৰৰ মাধ্যমেৰে জিলাখনৰ ৰাইজে বিভিন্ন ধৰণৰ আইনী পৰামৰ্শ লাভ কৰাৰ লগতে চৰকাৰী আঁচনি, প্ৰকল্প আৰু সেৱা সমূহৰ বিষয়ে বিতংকৈ জানিবলৈ সুবিধা পাব বুলি জনায়। তেওঁ লগতে জিলা প্ৰশাসনৰ কাৰ্য্যপন্থা আৰু ৰাইজৰ হিতৰ আৰু সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী ওপৰত এক চমু আভাস দাঙি ধৰে।অনুষ্ঠানটিত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়-ববীয়াই নিজ নিজ কাৰ্য্যপ্ৰণালীৰ উপৰিও জনকল্যাণৰ বাবে ৰূপায়ন কৰি অহা আঁচনি আৰু সেৱা সম্পৰ্কে আলোকপাত কৰি বক্তব্য দাঙি ধৰে। আলোচ্য বিভাগ সমূহৰ ভিতৰত   অসম ৰাজ্যিক গ্ৰামীণ আজীৱিকা অভিযান, কৃষি, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, আৰক্ষী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বন, ৰেচম, পৰিবহণ, মীন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, শ্ৰম, শিক্ষা, পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী, দুৰ্যোগ ব্যৱস্থাপনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু পশুপালন ইত্যাদি অন্যতম ।অনুষ্ঠানটিত বিভিন্ন আঁচনিৰ অধীনত কিছু সংখ্যক হিতাধিকাৰীৰ মাজত অনুদান আগবঢ়োৱা হয়।ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কনকলতা মহিলা সৱলীকৰণ যোজনাৰ অধীনত ১০ টা আত্মসহায়ক গোটক ২৫০০০ টকাকৈ ঘূৰ্ণিয়মান পুঁজিৰ অনুদান পত্ৰ প্ৰদান কৰা হয়। কৃষি বিভাগৰ অন্তৰ্গত ৩ গৰাকী হিতাধিকাৰীক ৭৫ % ৰাজসাহায্যত ডিজেল পাম্পছেট দিয়া হয়। সমাজ কল্যাণ বিভাগৰ অধীনত ৩ গৰাকী দিব্যাঙ্গজনক হুইলচিয়াৰ প্ৰদান কৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত দুগৰাকী হিতাধিকাৰীক উজ্জ্বলা আঁচনিৰ অন্তৰ্গত ৰন্ধনগেছৰ সুবিধা প্ৰদান কৰা হয়।আইন সেৱা শিবিৰৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে, বিদিত দাস আৰু মুন গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) নবীন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) পেট্ৰিক ৰংহাং, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ভালেসংখ্যক হিতাধিকাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে.. 

Leave A Reply

Your email address will not be published.