শিৱসাগৰত আয়োজিত গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ

0 255

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আয়োজিত সদৌ অসম গাঁও ৰক্ষী সংগঠনৰ ৭২ তম্‌ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতবৰ্ষৰ আত্মা গাঁৱতহে বাস কৰে৷ ভাৰতবৰ্ষৰ প্ৰায় ৮৪ শতাংশ লোক গাঁৱত বাস কৰে৷ ভাৰতবৰ্ষক শক্তিশালী কৰিব লাগিলে ৮৪ শতাংশ লোকে বসবাস কৰা গ্ৰামাঞ্চলক শক্তিশালী কৰিব লাগিব৷ ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ গঞাই আজি একবিংশ শতিকাত শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ বাবে নিষ্ঠাসহকাৰে অৱতীৰ্ণ হৈছে৷ অসমৰ ২৬ হাজাৰ খন গাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি সকলোৱে সন্মিলিত প্ৰচেষ্টা চলাব লাগিব৷ গ্ৰামাঞ্চলৰ সাৰুৱা মাটিত উৎপাদন বৃদ্ধিৰ বাবে আমি প্ৰচেষ্টা চলাব লাগিব৷ উঠি অহা প্ৰজন্মক আমাৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিৰ উমান দিব লাগিব৷ মানৱীয় অনুভূতিৰে উঠি অহা প্ৰজন্মৰ মাজত মানৱতাবোধৰ সৃষ্টি কৰিব লাগিব৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক ৰাম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল৷ গাঁও ৰক্ষী বাহিনীৰ সদস্য সকলে নিজৰ নিজৰ গাঁৱক সুৰক্ষিত কৰি ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গাঁৱসমূহত যাতে কোনো অপৰাধমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে গাঁওৰক্ষী বাহিনীৰ জোৱান সকলক নিষ্ঠাৰে কাম কৰিব লাগিব৷
মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনত দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে বৰ্তমানৰ চৰকাৰখনে সংকল্প লৈছিল৷ এই লক্ষ্য পূৰণৰ দিশত ৰাইজৰ সহযোগত চৰকাৰখনে বহুখিনি সফল হৈছে৷ এতিয়া অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে সুৰিক্ষতভাৱে এক শান্তিপূৰ্ণ বাতাৱৰণত জীৱন যাপন কৰাৰ বাবে এক পৰিৱেশ নিৰ্মাণ হৈছে৷ এসময়ত অসমৰ সমাজ জীৱনত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ দলৈকে শিপাই গৈছিল৷ শাসন ব্যৱস্থা দুৰ্বল হৈ পৰিছিল৷ দুৰ্নীতিপৰায়ণ ব্যক্তি, প্ৰভাৱশালী ব্যক্তিসকলে ন্যস্তস্বাৰ্থ পূৰণ কৰাৰ বাবে বিভিন্ন অপকৰ্মত লিপ্ত হৈছিল৷ অসমৰ ৰাইজৰ সহযোগত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি সমগ্ৰ ৰাজ্যখনতে এক সুন্দৰ আৰু শক্তিশালী ব্যৱস্থা প্ৰদান কৰাৰ দিশত চৰকাৰখন সফল হৈছে বুলিও তেওঁ কয়৷
অসমৰ জনসাধাৰণে শান্তি বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ নকৰা বাবে জনসাধাৰণে শান্তিৰ সন্ধান কৰিব লগা হৈছিল৷ সমগ্ৰ অসমৰ গণতান্ত্ৰিক বাতাবৰণ সেই সময়ত প্ৰদূষিত হৈ পৰিছিল৷ সেয়েহে সন্ত্ৰসবাদ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০১৬ চনত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে যি যাত্ৰা আৰম্ভ কৰিলে ইয়াৰ ফলশ্ৰুতিত বহু কেইটা উগ্ৰপন্থী সংগঠনৰ বহু সদস্যই উগ্ৰপন্থা পৰিত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ ফলত ৰাজ্যখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ বাবে জনসাধাৰণে যথেষ্ট সকাহ পাইছে৷ ইয়াৰ ফলতে অসমে সকলো দিশতে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে৷ ইয়াৰ মূল কাৰণ শান্তি বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ সন্ত্ৰাসবাদমুক্ত অসম গঢ় দিয়াৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত অসমে এতিয়া সুকীয়া দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷
মুখ্যমন্ত্ৰীয়ে কয় যে গাঁওৰক্ষী বাহিনীৰ জোৱান সকলে গাঁও সমূহ সুৰক্ষিত কৰি ৰাখিব লাগিব৷ গ্ৰাম্য সমাজত যাতে মিলাপ্ৰীতি আৰু সমন্বয় অটুত থাকে সেই দিশত গাঁওৰক্ষী বাহিনীয়ে প্ৰধান ভূমিকা ল’ব লাগিব৷ গাঁও সমূহত যদি কোনো অপশক্তিয়ে শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা গাঁওৰক্ষী বাহিনীয়ে মষিমূৰ কৰিব লাগিব৷ গাঁও সমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হ’লে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাম ৰাজ্যৰ সপোন বাস্তাৱায়িত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ গাঁওৰক্ষী বাহিনীৰ প্ৰতিগৰাকী নিষ্ঠাৱান জোৱানে এই দৃষ্টিভংগীৰে আগন্তুক সময়ত কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ ঐতিহাসিক তলাতল ঘৰৰ এই প্ৰাঙ্গণত সমগ্ৰ অসমৰ জনসাধাৰণক বিভিন্ন প্ৰত্যাহ৩ান আহিলেও মিলাপ্ৰীতি আৰু সমন্বয় অটুত ৰখাৰ বাবে সংকল্পবদ্ধ হ’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷
আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ এটা প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপনৰ পদক্ষেপ ল’বলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়াৰ লগতে গাঁঁওৰক্ষী বাহিনীৰ জোৱানসকলে স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে উল্লেখ কৰা সমস্যাসমূহ সমাধানৰ দিশত চৰকাৰে ইতিবাচকভাৱে পদক্ষেপ ল’ব বুলিও আশ্বাস প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে গাঁওৰক্ষী বাহিনীসমূহৰ মাননি বৰ্তমানৰ ২৫০০ টকাৰ পৰা বৃদ্ধি কৰাৰ দিশটো চৰকাৰে পদক্ষেপ ল’ব বুলি কয়৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সেৱাৰ বাবে ৩৪ টা গাঁওৰক্ষী সংগঠন তথা মণ্ডল পৰ্যায়ৰ সংগঠনক মান পত্ৰ প্ৰদান কৰে৷
গাঁওৰক্ষী বাহিনীৰ মুখ্য নিয়ন্ত্ৰক দিগন্ত বৰাই আদৰণী ভাষণ প্ৰদান কৰা কালিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত বিধায়কসকল ক্ৰমে প্ৰদীপ হাজৰিকা, কুশল দুৱৰী, নৱনিতা সন্দিকৈ, গাঁওৰক্ষী বাহিনীৰ মুৰব্বী অঞ্জন কুমাৰ বৰা, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণুকমল বৰা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.