শিৱসাগৰত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ,আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল-শিৱসাগৰৰ ঐতিসাহিক শিৱ দৌলত পূজা অৰ্চনা

0 231

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি কেডাৰনাথ কৰিড’ৰৰ শুভাৰম্ভণী কৰাৰ লগতে আদিগুৰু শংকৰাচাৰ্যৰ সমাধিক্ষেত্ৰৰ লগতে তেখেতৰ প্ৰতিমূৰ্ত্তিৰ শুভ উন্মোচন কৰে কেডাৰনাথত। কালি এই উপলক্ষে দেশৰ ৮৬ টা মঠ মন্দিৰ লগতে ঐতিহাসিক শিৱসাগৰৰ শিৱ দৌলত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ,আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।ঐতিসাহিক শিৱ দৌলৰ প্ৰাঙ্গনত ডিডি নিউজৰ সৌজন্যত পোনপটীয়াকৈ সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ সমগ্ৰ কাৰ্যসূচী দৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
এই কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ঐতিহাসিক শিৱ দৌলত আয়োজন কৰা পূজা অৰ্চনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে বন্তি প্ৰজ্বলন কৰি শিৱসাগৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে আৰু নিজৰ চমু ভাষণত প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বক প্ৰশংসা কৰে। তেওঁ কয় যে, ভক্তি ভাৱেৰে অনুপ্ৰাণিত হৈ মানৱতা আৰু মানৱীয় প্ৰমূল্যৰাজি জীয়াই ৰখাটো অতি প্ৰয়োজনীয়। ভক্তি ভাৱৰ পৰাই সমাজত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে সমাজৰ শ্ৰী বৃদ্ধি হয় বুলিও তেওঁ মত প্ৰকাশ কৰে।
এই কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক সুশান্ত বৰগোঁহাই, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ প্রাক্তন বিধায়ক কুশল দুৱৰী, উপায়ুক্ত মেঘ নিধি দাহাল, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ লগতে ভালেসংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ কেডাৰনাথ ভ্ৰমণৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে।

Leave A Reply

Your email address will not be published.