শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক

0 272

অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত নিৰ্মাণ হ’ব লগা বেতবাৰী মৌজাৰ শ্ৰী শ্ৰী কাটনীপাৰ সত্ৰ, সিংহদ্বাৰৰ শিপহা সত্ৰ আৰু পাণবেচাৰ হজৰত খন্দকাৰ পীৰ দৰগাহৰ অতিথি গৃহৰ আজি আধাৰশিলা স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।
 
 
১০ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা অতিথি গৃহ কেইটাৰ আধাৰশিলা স্থাপন কৰি সাংসদ গগৈয়ে কয়, অসম দৰ্শন আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ ঐতিহাসিক সত্ৰ, দেৱালয়, দৰগাহ সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধনৰ ব্যৱস্থা কৰিছে। লগতে এই ঐতিহাসিক স্থানসমূহ সুন্দৰভাৱে গঢ়ি তুলি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈও চেষ্টা কৰা হৈছে। গৃহ কেইটা সুন্দৰভাৱে গঢ়ি উঠি এটি আটকধুনীয়া অতিথিশালাত পৰিণত হব বুলি গগৈয়ে আশা প্ৰকাশ কৰে। কাটনীপাৰ আৰু শিপহা সত্ৰৰ লগতে হজৰত খন্দকাৰ পীৰ দৰগাহৰ এক ঐতিহ্য আছে। খন্দকাৰ পীৰ দৰগাহৰ গৃহৰ আধাৰশিলা স্থাপন কৰি গগৈয়ে আৰু কয়, চুফী সাধকসকলৰ বাবে অসমৰ সমন্বয়- সম্প্ৰীতি অব্যাহত আছে। অনুষ্ঠানত শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহন, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিজিত গগৈ, শিৱসাগৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে বিজেপিৰ জিলা আৰু স্থানীয় নেতা- কৰ্মীসকল উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.