শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা শিশু সুৰক্ষা সমিতিৰ পৰ্য্যালোচনা বৈঠক

0 274

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতিৰ এখন পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়।
 
জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই পৰ্য্যালোচনা বৈঠকত উপস্থিত বিভাগীয় বিষয়া-কৰ্মচাৰী সকলক উদ্দেশ্যি উপায়ুক্ত গৰাকীয়ে শিশু সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে পুনৰসংস্থাপন এই তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশু সকলৰ সৰ্বাংগীন বিকাশ সাধনৰ উদ্দেশ্যে কাম কৰি যাবলৈ আহ্বান জনায়। কোনো শিশুৱেই যাতে সুৰক্ষা আৰু নিৰাপত্তাৰ বঞ্চিত হৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক তেওঁ নিৰ্দেশনা প্ৰদান কৰে।
 
 
আনহাতে তেওঁ শিশু গৃহৰ শিশু সকলৰ শিক্ষাৰ লগতে ব্যৱহাৰিক তথা বৃত্তিমূলক শিক্ষা সমূহ একেলগে চলাই যাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক আহ্বান জনায়। শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনোৱাৰ লগতে তেওঁ সমাজ কল্যাণ বিভাগক শিশু গৃহৰ শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে বিভিন্ন বিষয় সামৰি প্ৰশিক্ষণ কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ কয়। লগতে তেওঁ শিশুৰ লগত সক্ৰিয়ভাৱে সেৱা আগবঢ়াই যোৱা প্ৰতিটো বিভাগক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰে। জিলাখনৰ শিশু সকল যাতে কোনো কাৰণতে অৱহেলিত, নিষ্পেষিত, শোষিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ তেওঁ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।
 
বৈঠকত জিলা শিশু সুৰক্ষা বিষয়া দিব্যাজ্যোতি দেউৰীয়ে বিগত বৰ্ষত অনুষ্ঠিত হোৱা বৈঠকখনিৰ পুনঃ পৰ্য্যালোচনা আগবঢ়ায়।আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল প্ৰমুখ্যে উপ আৰক্ষী অধীক্ষক , সমাজ কল্যাণ বিষয়া, সৰ্বশিক্ষা, স্বাস্থ্য, কিশোৰ-কিশোৰী ন্যায় পৰিষদ, শিশু কল্যাণ সমিতি, শ্ৰম বিভাগ, বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়, শিশু গৃহ, স্বেচ্ছাসেৱী সংগঠন, দত্তক গ্ৰহণ কেন্দ্ৰ তথা জিলা শিশু সুৰক্ষা কাৰ্য্যালয়ৰ বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.