শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা ভোটাৰৰ সজাগতাৰ বাবে আয়োজন কৰা সজাগতা অভিযানৰ শুভাৰম্ভ

0 212

শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিষ্ণু কমল বৰাই আজি শিৱসাগৰ নিৰ্বাচনী জিলাৰ উদ্যোগত ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা বিশেষ সজাগতা অভিযানৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।
শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে শিৱসাগৰ নিৰ্বাচনী জিলাৰ সকলো ভোটাৰক ভোটদান প্রক্রিয়াত অংশগ্ৰহণেৰে সুস্থ আৰু সৱল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰ সকলক নিৰ্ভয়ে ভোটদানত বিপুল হাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰৰ সাক্ষৰতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে শিৱসাগৰ জিলাত চলাই থকা কাৰ্যসুচীসমূহৰ ওপৰতো আলোকপাত কৰে৷ ভোটদান এক মৌলিক অধিকাৰ বুলি উল্লেখ কৰি জিলা নির্বাচনী বিষয়াই কৰে যে, এই বছৰ নতুন ভোটাৰ সকলৰ বাবে e-EPIC কাৰ্ডখন ইলেকট্ৰনিক পদ্ধতিৰে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতৰ নিৰ্বাচন আয়োগে এই বছৰ আগন্তুক বিধান সভা নিৰ্বাচনত আশী বছৰ বয়সৰ উৰ্ধৰ ভোটাৰ, বিশেষভাৱে সক্ষম লোকসকল আৰু ক’ভিড-১৯ ৰোগীৰ সুবিধাৰ বাবে পোষ্টেল বেলট পেপাৰৰ মাধ্যমেৰে ভোটদান কৰাৰ সুবিধা আগবঢ়াইছে।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নিৰ্বাচন বিষয়া কোকিলা গগৈয়ে।উল্লেখযোগ্য যে, এই বিশেষ সজাগতা অভিযানত এখন বাহনৰ জৰিয়তে সমগ্র নিৰ্বাচনী জিলাত শ্ৰাব্য বাৰ্তা, গীত-মাত আদিৰে ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধি কৰা হ’ব।আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিদিত দাস, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশীৰ লগতে উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.