শিৱসাগৰত উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন

0 257

ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে শিৱসাগৰ জিলাতো দেশৰ ৭২ তম গণৰাজ্য দিৱস ব্যাপক উলহ-মালহেৰে আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । জিলাৰ সদৰ শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেল পথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে।
নিজ ভাষণত মন্ত্ৰী গৰাকীয়ে দেশৰ শ্বহীদ, মুক্তি যোদ্ধা সকলক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনীৰ জোৱান সকলৰ সাহস আৰু ত্যাগৰ কথাও কৃতজ্ঞতাৰে স্মৰণ কৰে। স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ লগতে সংবিধান সভাৰ লগত জড়িত দেশৰ মহান নেতা সকলকো তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । লগতে কয় যে, ৰাষ্ট্ৰৰ আত্মাস্বৰূপ এই সংবিধান আৰু গণৰাজ্য দিৱসৰ তাৎপৰ্য প্ৰকৃতাৰ্থত অনুধাৱন কৰিব পাৰিলেহে আমি ৰাষ্ট্ৰৰ একোগৰাকী সুনাগৰিক বুলি পৰিচয় দিব পাৰিম।
ভাষণৰ আৰম্ভণিতে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ গৌৰৱ প্ৰতিথযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ দেৱক এইবাৰ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাটো এক অতি আনন্দৰ বতৰা বুলি উল্লেখ কৰে আৰু তেখেতক পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
নিজ বক্তব্যত মন্ত্ৰী গৰাকীয়ে ৪২ গৰাকী আহোম স্বৰ্গদেউৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত চৰাইদেউত স্বৰ্গদেউ সমন্বয় ক্ষেত্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ ৰাজ্যখনৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাক সমৃদ্ধিশালী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ণমূলক পদক্ষেপ সমূহৰ এক অৱলোকন ডাঙি ধৰে। ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি বজাই ৰাখি জনিসাধাৰণৰ উন্নতিৰ হকে কাম কৰি গৈছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।
তেওঁ উল্লেখ কৰে যে, ভাৰত চৰকাৰে ঐতিহাসিক শিৱসাগৰক এখন আইকনিক চাইট বুলি ঘোষণা কৰাটো জিলাবাসীৰ বাবে গৌৰৱৰ বিষয় । ইয়াৰ বাবে ৰূপহী পথাৰত এখন আইকনিক চাইঞ্চ মিউজিয়াম নিৰ্মানৰ বাবে ৰাজ্য চৰকাৰে ৫ একৰ ভূমি ইতিমধ্যে আৱণ্টন দিছে বুলিও তেওঁ সদৰি কৰে। লগতে তেওঁ কয় যে, অসম চৰকাৰে ঐতিহাসিক জেৰেঙা পথাৰৰ ১০০ বিঘা ভূমিত সতী জয়মতীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনেৰ অৰ্থে এক স্মাৰক নিৰ্মাণ কৰিব।
২০১৬ চনৰ পৰা ২০২০ চনৰ ডিচেম্বৰ মাহলৈ ২.২৮ লাখতকৈও অধিক ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা প্ৰদান কৰি ৰাজ্য চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ অধিকাৰক সন্মান জনাইছে বুলি মত প্ৰকাশ কৰে ।
ক’ভিড-১৯ৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সময়ত অসম চৰকাৰে ‘অসম কেয়াৰ’ কাৰ্যসূচী আৰম্ভ কৰি ৩.৪৯ লাখ বহিঃৰাজ্যত আবদ্ধ অসমবাসীক DBT পদ্ধতিৰে দুটা কিস্তিত ৪০০০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিযাৰ দৰে মহৎ পদক্ষেপ গ্ৰহণ কৰিছিল বুলি ভাষণত উল্লেখ কৰে।
ভাষণ প্ৰসঙ্গত তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আঁচনিৰ অধীনত শিৱসাগৰ জিলাত ১লাখ ৪৩হাজাৰ ৩৩৪ টা লেবৰেটৰী পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰ ভিতৰত ৮৭২ জন ৰোগীয়ে চিটি স্কেন আৰু ১২,৯৬৩ গৰাকী ৰোগীয়ে এক্স-ৰেৰ সুবিধা পাইছে । জিলাখনৰ চাহ বাগিছাৰ গৰ্ভাৱতী মহিলাই মজুৰী ক্ষতিপুৰণ আঁচনিৰৰ অধীনত ৪৩০৯ গৰাকী মহিলা হিতাধিকাৰী উপকৃত হয়। এই হিতাধিকাৰী সকলৰ মাজত ৩কোটি ৬২লাখ ২৬হাজাৰ ২০০ টকা প্ৰদান কৰা হৈছে বুলি তেওঁ অৱগত কৰে।
তেওঁ কয় যে, শিক্ষা খণ্ডৰ উন্নয়ণ তথা গুণগত শিক্ষাৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে জিলাখনত বহুতো কাম কৰি আহিছে । জিলাখনত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বানীকান্ত কাকতি বঁটাৰ অন্তৰ্গত ২০২০ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে । তেওঁ লগতে কয় যে, অসম চৰকাৰৰ অভিলাষী নৱ-ৰূপত স্বয়ম আঁচনিৰ অধীনত জিলাখনৰ ৯৩২৪ গৰাকী হিতাধিকাৰী লাভান্বিত হ’ব। অৰুন্ধতী স্বৰ্ণ আঁচনিৰ অধীনত বৰ্তমানলৈ জিলাখনৰ ৬০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। ৰাজ্য চৰকাৰৰ অৰুনোদয় আঁচনিৰ অধীনত জিলাখনৰ ৪টা বিধানসভা সমষ্টিৰ মুঠ ৫৮হাজাৰ ৬৪৮ গৰাকী হিতাধিকাৰী বৰ্তমানলৈ লাভান্বিত হৈছে।
আজি পুৱা ৫ বজাত জনসংযোগ বিভাগৰ দ্বাৰা শিৱসাগৰ নগৰত প্ৰভাতফেৰী আৰু অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় । পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৭-৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী, বে-চৰকাৰী, অৰ্দ্ধ চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।
শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত আনন্দৰাম বৰুৱা উদ্যান আৰু পিয়লি ফুকন উদ্যানত শ্বহীদ তৰ্পনৰ পিছত বৰ্ডিং খেল পথাৰত আয়োজিত মূল কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰে । লগতে তেওঁ কেন্দ্ৰীয় আৰক্ষী বাহিনী, অসম আৰক্ষী, এন চি চি, স্কাউট-গাইড, গৃহৰক্ষী বাহিনী আদিৰ অভিবাদন গ্ৰহণ কৰে।
অনুষ্ঠানত বিভিন্ন বিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।গণৰাজ্য দিৱস উপলক্ষে দুপৰীয়া ২ বজাত জিলা প্ৰশাসন আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ।
গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত প্ৰদৰ্শিত মাৰ্চপাষ্টত নিয়মীয়া শিতানত প্ৰথম স্থান দখল কৰে শিৱসাগৰ জিলা কাৰ্যবাহী বাহিনী (Sivasagar District Executive Force)-য়ে, দ্বিতীয় স্থানত থাকে চি আই এচ এফ আৰু তৃতীয় স্থান দখল কৰে অসম গৃহৰক্ষী বাহিনী (Assam Home Guards)-য়ে। আনহাতে অনিয়মীয়া (Non Regular) শিতানত প্ৰথম স্থানত থাকে একাদশ অসম ছোৱালী এন চি চি বাহিনী, দ্বিতীয় স্থানত ৪৯ নং অসম নৌবাহিনী গোট আৰু তৃতীয় স্থানত থাকে একাদশ অসম ছোৱালী এন চি চি বাহিনী (জ্যেষ্ঠ শাখা)।
প্ৰতীকপট প্ৰদৰ্শনী শিতানত প্ৰথম স্থান দখল কৰে শিৱসাগৰ পৌৰ সভা, স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল), দ্বিতীয় স্থান জিলা স্বাস্থ্য বিভাগে আৰু তৃতীয় স্থান দখল কৰে জিলা পৰিবহন বিভাগে।

Leave A Reply

Your email address will not be published.