শিৱসাগৰত ছহিদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

0 239

সুদীৰ্ঘ ৩০ বছৰ অতিক্ৰম কৰিলে শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনাই। সোমবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলা সাংবাদিক সন্থাইও শিৱসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰে। অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩০ সংখ্যক মৃত্যু তিথি উপলক্ষে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সোমবাৰে সন্ধিয়া শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিত শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত
অনুষ্ঠিত অনুষ্ঠানত সাংবাদিক গৰাকীৰ হত্যাৰ উচিত তদন্তৰ দাবী জনাইছে শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিয়ে ৷ উল্লেখ্য যে, ১৯৯১ চনৰ ৩ আগষ্ট দিনটোতে আলফাৰূপী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল সাংবাদিক কমলা শইকীয়াক ৷ দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিয়া সাংবাদিক গৰাকীৰ হত্যাৰ বিচাৰ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে সাংবাদিক সংস্থাই ৷ লগতে শ্বহীদ সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত চি.বি.আইক প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই। শিৱসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰি সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিয়ে ৰাজ্যত শীঘ্ৰে আৰম্ভ কৰিব জনজাগৰণ কাৰ্যসূচী ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সাংবাদিক গৰাকীৰ হত্যাৰ চিবিআই তদন্ত বিচাৰিব বুলি সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিয়ে উল্লেখ কৰে। উল্লেখ্য যে, শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩০ সংখ্যক মৃত্যু দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ সকলোৰে এটাই দাবী, শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ হত্যাৰ উচিত তদন্ত হওঁক আৰু দোষীক উচিত শাস্তি প্ৰদান কৰক ।

Leave A Reply

Your email address will not be published.