শিৱসাগৰত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

0 238

স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা কৰা নৱ ৰূপত স্বয়ম যোজনাৰ আজি শিৱসাগৰ জিলাত শুভাৰম্ভ কৰা হয়৷ অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰৰ ব’ৰ্ডিং খেল পথাৰত নৱ ৰূপত স্বয়ম- স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ যোজনাৰ হিতাধিকাৰীসকললৈ ধনাদেশ প্ৰদানেৰে শিৱসাগৰ জিলাত এই আঁচনিৰ শুভাৰম্ভ কৰে।
উল্লেখযোগ্য যে, শিৱসাগৰ জিলাত এই আঁচনিৰ জৰিয়তে মুঠ ৯৩২৪ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ’ব৷ স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি বিত্তমন্ত্ৰী গৰাকীয়ে নৱৰূপত স্বয়ম আঁচনিৰ দুগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৩০,০০০ টকাৰ ধনাদেশ প্ৰদান কৰে ।
আঁচনিখনৰ শুভাৰম্ভ কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে হিতাধিকাৰী সকলক অভিনন্দন জ্ঞাপন কৰে।তেওঁ কয় যে, এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৩০,০০০ টকা হিতাধিকাৰী সকলৰ বেংক একাউণ্টত প্ৰদান কৰা হ’ব আৰু পৰৱৰ্ত্তী পৰ্যায়ত ২০,০০০ কৈ টকা প্ৰদান কৰা হ’ব । তেওঁ এই পুঁজিৰ সদ ব্যৱহাৰৰ দ্বাৰা নিজকে স্বাৱলম্বী কৰাৰ লগতে আন দহ জনকো উপাৰ্জনমুখী বৃত্তিত মনোনিবেশ কৰাবলৈ হিতাধিকাৰী সকলক আহ্বান জনায় । তেওঁ কয় যে, ভৱিষ্যতে নৱ ৰূপত স্বয়ম আঁচনিৰ হিতাধিকাৰী সকলক লোকনিৰ্মাণ বিভাগৰ অধীনত নিঃশুল্ক পঞ্জীয়নভূক্ত কৰি গ্ৰামাঞ্চলত চলি থকা বিভিন্ন বিভাগৰ কাম-কাজ সমূহত জড়িত হোৱাৰ সুবিধা প্ৰদান কৰা হ’ব । ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে যুৱ সমাজক উৎপাদনমুখী হৈ নিজৰ লগতে সমাজৰ উন্নয়নত অংশীদাৰ হ’বলৈ উৎসাহিত কৰে । তেওঁ যুৱ শক্তিক স্বামী বিবেকানন্দৰ আদৰ্শ সৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ হকে আগুৱাই আহিবলৈ আহ্বান জনায় । শিৱসাগৰ নাট্য মন্দিৰৰ পুণৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ঘোষণা কৰা এক কোটি টকাৰ অনুদান অতিশীঘ্ৰে অনুমোদন দিয়া হ’ব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে । লগতে তেওঁ ঐতিহাসিক জেৰেঙা পথাৰত ১০০ বিঘা ভূমিত জয়মতী স্মৃতি প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ বিষয়ে দোহাৰে ।
অসম চৰকাৰৰ কল্যাণকামী আঁচনি সমূহৰ বিষয়ে এক অৱলোকন দাঙি ধৰি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, শিৱসাগৰ নগৰত যান-জটৰ সমস্যা সমাধানৰ বাবে এটি বাইপাচ নিৰ্মাণ কৰা হ’ব । তেওঁ উল্লেখ কৰে যে, অহা ৭ ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম মালা আঁচনিৰ অধীনত শিৱসাগৰৰ পৰা সোণাৰীলৈ চাৰি লেন যুক্ত পথ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰাৰ সম্ভৱনা আছে।
তেওঁ নিজ ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,ৰাজ্যৰ প্ৰায় ৮০০০ অনিয়মীয়া নিযুক্তিপ্ৰাপ্ত শিক্ষকক নিয়মীয়াকৰণ কৰি অহা ৩০ জানুৱাৰীত খানাপাৰাত নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব।
৩৩৩.১০ লাখ টকা ব্যয় সাপেক্ষে SOPD (G) আঁচনিৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৫২৫ তম কিলোমিটাৰৰ পৰা স্বৰ্গদেউ চ্যুকাফা মাল্টিস্পেচিয়েলিটি হস্পিটাললৈ যোৱা ২ কিলো মিটাৰ দৈৰ্ঘ্য পথৰ উন্নয়নৰ কাম চলি আছে বুলি বিত্ত মন্ত্ৰী গৰাকীয়ে অৱগত কৰে।
শিৱসাগৰৰ অসম টাই যাদুঘৰক আটকধুনীয়া আৰু নৱৰূপত নিৰ্মাণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, শিৱসাগৰক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিব ।
আজিৰ অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণুকমল বৰাই আদৰণী ভাষণ আগবঢ়ায়।নৱ ৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীৰ উপৰিও ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.