শিৱসাগৰত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সভা অনুষ্ঠিত

0 223

সমগ্র দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো অহা ২১ জুন তাৰিখে সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগৰ সভাপতিত্বত তেওঁৰ কাৰ্য্যালয় কক্ষত এখন সভা অনুষ্ঠিত হয়।
এই বছৰ আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হ’ব বুলি উল্লেখ কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে যোগ দিৱসৰ জিলা পৰ্য্যায়ৰ কাৰ্যসূচী অহা ২১ জুন তাৰখে পুৱা ৭:০০ বজাত উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত স্থিত অফিচাৰ্ছ ক্লাৱত অনুষ্ঠিত হ’ব বুলি অৱগত কৰে। যোগ দিৱস উপলক্ষে পুৱা ৭:০০ বজাৰ পৰা ৮:০০ বজালৈ যোগাসন (Common Yoga Protocol or CYP) অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ জনায়। তেওঁ লগতে উল্লেখ কৰে যে, যোগ দিৱসৰ প্ৰস্তুতিৰ অংশস্বৰূপে অফিচাৰ্ছ ক্লাৱত অহা ১৯ আৰু ২০ জুন তাৰিখে পুৱা ৭:০০ বজাত যোগৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, এই বছৰৰ আলোচ্য বিষয় হৈছে “যোগৰ সৈতে, ঘৰতে থাকক” (Be with Yoga, be at home)। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়, আয়ুস (AYUSH), শিৱসাগৰ আৰু দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সহযোগত উদযাপন কৰা হ’ব।
আজিৰ সভাত সহকাৰী আয়ুক্তসকল ক্ৰমে মনীষা কলিতা, মনালী প্ৰসাদ ৰজক আৰু দীপাৱলী কুৰ্মী, জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ শাৰীৰিক শিক্ষক অনন্ত হাজৰিকা, যোগ প্ৰশিক্ষক ক্ৰমে অনন্ত ৰাজকোঁৱৰ আৰু কৃতাৰ্থী গগৈ, যোগ মিত্ৰ জয়ন্ত বেজ উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.