শিৱসাগৰৰ উপায়ুক্তৰ প্ৰশংসনীয় পদক্ষেপ

0 261

বিশ্বতে ত্রাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাম্প্ৰতিক চলি থকা লক ডাউনৰ সময়ছোৱাত শিৱসাগৰ নগৰৰ অভাৱগ্ৰস্ত দুখীয়া- দিনহাজিৰা কৰা লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।
 
 
জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসন তথা কিছু বিভাগীয় বিষয়া সকলৰ আৰ্থিক সহযোগিতাৰ জৰিয়তে আজি স্থানীয় ঠানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত শিৱসাগৰ নগৰৰ ১১ আৰু ১৩ নং ৱাৰ্ডৰ মুঠ ৭৮ গৰাকী দুখীয়া লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰা হয়। একেদৰে স্থানীয় আমোলাপট্টি অঞ্চলত নগৰখনৰ ৯ নং ৱাৰ্ডৰ মুঠ ৩৮ গৰাকী দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে।
 
 
জিলা উপায়ুক্তৰ সৈতে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপনিয়ন্ত্ৰক প্ৰাণজিত দত্তই।
 
 
 
অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী সমূহ বিতৰণ কালত নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰা হয়।লক ডাউনৰ সময়চোৱাত অভাৱগ্ৰস্ত লোকসকলে খাদ্যসামগ্ৰী সমূহ লাভ কৰি উৎফুল্লিত হয় আৰু উপায়ুক্ত গৰাকীৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লয়।
খবৰ শিৱসাগৰৰ পৰা যুগুতালে দিলিস্তান খানে..
 

Leave A Reply

Your email address will not be published.