শিৱসাগৰ জিলাৰ বকতা বাখৰ বেঙেনাত থকা প্ৰায় ৭০০ বছৰ পুৰনি ঐতিহাসিক বাখৰ বেঙেনা গছ জোপা প্ৰচাৰৰ উদেশ্যে শিৱসাগৰ জিলাৰ বকতা নঙলামৰা গড়মুৰৰ পৰা ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তলৈ এক চাইকেল যাত্ৰা আৰম্ভ কৰিছে ধিতাইপুখুৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সৌৰভ গগৈয়ে৷শুকুৰবাৰে পুৱা দহ বজাৰ পৰা এখন চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে ছাত্ৰ জনে৷ চাইকেলৰ আগত ঐতিহাসিক বাখৰ বেঙেনাৰ ফটো আৰু জাতীয় পতাকা লৈ যাত্ৰা কৰিছে যুৱক জনে ৷প্ৰতিদিনে ২০০ কিলোমিটাৰকৈ চাইকেল চলাই ধুবুৰীত উপস্থিত হৈ পুনৰ চাইকেল চলাই গৃহ অভিমুখে যাত্ৰা কৰিব ছাত্ৰ জনে ৷ এই যাত্ৰা কালত ছাত্ৰ জনক সহায়ৰ হাত আগবঢ়াইছে বকতা নেমুগুৰি আৰক্ষী আৰু সংগ্ৰামী যুৱছাত্ৰ পৰিষদৰ সদস্যই৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন