শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্য্যালোচনা কৰিলে

0 184

কৰ’ণা ভাইৰাছৰ বিশ্ব যোৰা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত যোৱা ৯ এপ্ৰিল তাৰিখে পৰ্য্যালোচনা কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে।
উপযুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই পৰ্য্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ পৰা শিৱসাগৰ জিলাত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে তথা চলিত লক্ ডাউনৰ সময়ছোৱাত জিলা প্ৰশাসনে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। মন্ত্ৰী গৰাকীয়ে লক ডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰণ শ্রমজীৱী লোকসকললৈ প্ৰদান কৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী তথা সাহাৰ্য্যৰ বিষয়েও বুজ লয়।
 
সভাত ৰাজহ মন্ত্ৰী গৰাকীৰ অধ্যক্ষতাত লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। সভাত বিশেষকৈ চাহ উদ্যোগ তথা বট লিফ ফেক্টৰী সমূহত ৫০ শতাংশ শ্ৰমিক নিয়োগ কৰি সম্পূৰ্ণৰূপে লক ডাউনৰ নীতি-নিৰ্দেশনা সমূহ মানি চলাৰ চৰ্তত এই সমূহ অনাগত দিনত পৰ্যায়ক্ৰমে খোলা ৰখাৰ বিষয়ে আলোচনা কৰা হয়।
 
এই সন্দৰ্ভত  জিলা উপায়ুক্তক প্ৰয়োজনীয় নিৰ্দেশাৱলী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব জিলা উপায়ুক্তৰ হাতত ন্যস্ত থাকিব বুলি সদৰি কৰে। জিলা উপায়ুক্তই এই ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হ’ব বুলি জনায়।
 
সভাত মন্ত্ৰী গৰাকীয়ে কিছুমান বিভাগৰ অন্তৰ্গত অতিশয় গুৰুত্বপূৰ্ণ আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত অনাগত দিনত পর্যায়ক্ৰমে কিছু শিথিলতা অনাৰ সম্ভাৱনাৰ বিষয়েও বহলভাৱে আলোচনা কৰে।
 
ৰাজহুৱা স্বাৰ্থত জিলাখনৰ কৃষি, পশুপালন, গড়কাপ্তানী, জলসম্পদ আদি বিভাগৰ অধীনৰ কিছু গুৰুত্বপূৰ্ণ আঁচনি লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী মানি চলাটো নিশ্চিত কৰি অনাগত সময়ত কেনেদৰে পৰ্যায়ক্ৰমে সম্পূৰ্ণ কৰিব পাৰি তাৰ বিষয়েও সভাত আলোচনা কৰে।
 
ইয়াৰোপৰি সভাত কৃষি আৰু সহযোগী খণ্ডৰ বাবে প্ৰয়োজনীয় কাৰিকৰী সঁজুলি আৰু মেচিনৰ দোকান সমূহ খোলা ৰখাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা হয়। মন্ত্রী গৰাকীয়ে আলোচনাকালত জিলা প্ৰশাসনে আলোচ্য বিষয় সমূহত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিব সেই ক্ষেত্ৰত লক ডাউনৰ সন্দৰ্ভত জাৰী কৰা নিৰ্দেশনা সমূহ যেনে সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, স্বচ্ছতা সুনিশ্চিত কৰা আদি ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।
 
সভাত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱ জ্যোতি মাউত, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালি বৰদলৈ, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত তথা জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া মুন গগৈকে আদি কৰি বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়া উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.