শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধনমঞ্জুৰী পত্ৰ বিতৰণ

0 241

যোৰহাট লোকসভা সমষ্টিৰ সংসদ তপন কুমাৰ গগৈয়ে কালি শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজি ২০১৯-২০ আৰু ২০২০-২১ বিত্তবৰ্ষৰ ধনমঞ্জুৰী পত্ৰসমূহ আনুষ্ঠানিকভাৱে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে৷
সভাৰ আৰম্ভণিতে সাংসদ গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিন “শ্বহীদ দিৱস”ত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে৷ ভাষন প্ৰসংগত তেওঁ উল্লেখ কৰে যে, অসম দৰ্শন আঁচনিৰ অধীনত জিলাখনৰ প্ৰাচীন কীৰ্তিচিহ্ন, দৌল-দেৱালয়, মঠ-মন্দিৰ আদিলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে জিলাখনৰ নামঘৰসমূহলৈ আঢ়ৈ লাখ টকাকৈ আৰ্থিক অনুদান ইতিমধ্যে প্ৰদান কৰা হৈছে৷ তেওঁ অৱগত কৰে যে, ইতিমধ্যে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুজিৰ ২০১৯-২০ বিত্তবৰ্ষৰ বাবে ৩৮ টা আঁচনিৰ বিপৰীতে ৯৯.৭০ লাখ টকা আৰু ২০২০-২১ বিত্তবৰ্ষৰ বাবে ১৭ টা আঁচনিৰ বিপৰীতে ৫৬ লাখ টকাৰ অনুমোদন জনোৱা হৈছে৷ আজিৰ সভাত ইয়াৰে ৪৬ খন আঁচনিৰ বিপৰীতে ধনমঞ্জুৰী পত্ৰ প্ৰদান কৰা হয় সভাত সাংসদগৰাকীয়ে প্ৰয়াত বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসানৰ পৰিপ্ৰেক্ষিতত উন্নয়নৰ স্বাৰ্থত চৰকাৰে তেখেতক সমষ্টিৰ দায়িত্ব প্ৰদান কৰা বুলি অৱগত কৰে৷
সাংসদ গৰাকীয়ে জনায় যে, হিতাধিকাৰী সকলে প্ৰথম কিস্তিত নিৰ্ধাৰিত পুঁজিৰ ৭৫ শতাংশ বেংক একাউন্টযোগে লাভ কৰিব আৰু বাকী ২৫ শতাংশ ব্যৱহাৰিক প্ৰমাণপত্ৰ তথা যাৱতীয় নথি দাখিল কৰাৰ অন্তত দ্বিতীয় কিস্তিত লাভ কৰিব৷ তেখেতে যিসমূহ সমিতিয়ে সমিতিৰ তথ্যসমুহ প্ৰদান কৰা নাই সেইসমূহ কমিটিক তথ্যসমূহ অনুমোদনৰ হেতু প্ৰদান কৰাৰ লগতে বেংক একাউন্ট নোখোলা কমিটিসমূহক অনতিপলমে বেংক একাউন্ট খোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
সাংসদগৰাকীয়ে পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পূৰ্বে নিৰ্ধাৰিত আঁচনিৰ কামসমূহ আৰম্ভ কৰিবলৈ নিৰ্মান সমিতিসমূহক আহ্বান জনায়৷ সাংসদগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিৱসাগৰ বিধানসভা সমষ্টিক ৰাজ্যৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত জিলিকাই তোলা হ’ব বুলি জনায়৷
কালিৰ সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই সকলো নিৰ্মান সমিতিক যাৱতীয় কামসমূহ ক্ষীপ্ৰতাৰে আৰু গুণগত মাণদণ্ড বজাই ৰাখি সম্পন্ন কৰিবলৈ আহ্বান জনায়৷
সভাত নিৰ্মান সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিশিষ্ট সমাজসেৱী সুৰভী ৰাজকোঁৱৰী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.