শ্বহীদ দিৱসৰ স্মৃতি সুঁৱৰি

0 326

আজি শ্বহীদ দিৱস।আজি দিনটোতে জাতীয় ৰক্ষা বাবে প্ৰাণ আহুতি দিছিল ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে। এতিয়া আহো খৰ্গেশ্বৰ তালুকদাৰে কি পৰিস্থিতিত মৃত্যুবৰণ কৰিব লগা হ’ল।
১৯৭৯ চনৰ ২৪ মাৰ্চৰ কথা। লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ ফলত মঙ্গলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়।২৭ এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰী কৰা হয়। তেতিয়া ধৰা পৰে যে মঙ্গলদৈত ৪৫০০০জন সন্দেহযুক্ত বিদেশী নাগৰিক ভোটাৰ তালিকাত আছে।
১৯৭৯ চনত মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন ক্ৰমে সভাপতি আৰু সম্পাদক নিৰ্বাচিত হয়।২৭ জুনত আছুৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক আহ্বান জনায়। আছুয়ে বিদেশী বহিস্কাৰ মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।১৯৭৯ চনৰ ছেপ্টেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়।
ইফালে মুখ্য নিৰ্বাচন আয়ুক্তই ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে।তেতিয়া বিদেশী ভোটাৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে।নিৰ্বাচনত মনোনয়ন পত্ৰ দিবলৈ বিশাল কনভয় লৈ যোৱা কংগ্ৰেছী প্ৰাৰ্থীক গণতান্ত্ৰিক ভাৱে বাধা প্ৰদান কৰিবলৈ গৈ চৰকাৰী বাহিনীৰ নিমৰ্ম প্ৰহাৰত খৰ্গেশ্বৰ তালুকদাৰ ১৯৮০ চনৰ ১০ ডিচেম্বৰত শ্বহীদ হয়।এই ঘটনা পিছত সমগ্ৰ অসম জ্বলি উঠে।আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে।সেই আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদক এই বিশেষ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো।

Leave A Reply

Your email address will not be published.