শ্বিলঙত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এনইএছচি) ছ’চাইটিৰ বিশেষ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

0 215

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ শ্বিলঙৰ উমিয়ামস্থিত উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এনইএছএচি) ছ’চাইটিৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে।বৈঠকত বান নিয়ন্ত্ৰণ আৰ্দ্ৰভূমি ব্যৱস্থাপনা , অঞ্চলটোত বনাঞ্চল সংৰক্ষণ আদিৰ বাবে মহাকাশ প্ৰযুক্তিৰ বাবে ব্যৱহাৰ সম্পৰ্কীয় বিষয় সমূহৰ আলোচনা কৰা হয়।
আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এনইএছচি আৰু ভাৰতীয় মহাকাশ গৱেষণা সন্থাই অসমত বানপানী এক যুটীয়া অধ্যয়ন চলাই ৫০০০ বৰ্গ কিলোমিটাৰো অধিক মাটি কালিৰ আৰ্দ্ৰভূমি চিনাক্ত কৰিছে।ৰাজ্য খনৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বাৰিষা কালত ব্ৰক্ষ্মপুত্ৰ অতিৰিক্ত পানী বোৱাই নিয়াৰ কামত এই আৰ্দ্ৰভূমি ব্যৱহাৰ কৰিব পৰা যায় বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ জল আয়োগ আৰু ৰাজ্য খনৰ জলসম্পদ বিভাগৰ অন্তৰ্ভুক্ত কৰি বান নিয়ন্ত্ৰণ বাবে এটা পৰীক্ষা মূলক প্ৰকল্প হাতত লোৱাৰ বিষয়ে বিবেচনা কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।তেওঁ লগতে মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক সীমান্তত বনাঞ্চল নিৰীক্ষণৰ বাবেও পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী ,কেন্দ্ৰীয় মহাকাশ মন্ত্ৰী ড° জিতেন্দ্ৰ সিং ,ৰাজ্যিক ড’নাৰ মন্ত্ৰী বি এল বাৰ্মাৰ লগতে উত্তৰ পূৱৰ অন্যান্য ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী সকলেও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে।বৈঠকত মহাকাশ বিভাগ আৰু ড’নাৰ মন্ত্ৰালয়ৰ সচিব সকল,ইছৰোৰ অধ্যক্ষ ডাঃ কে শিৱন, এনই এছচিৰ সঞ্চালক আৰু উত্তৰ পূৱৰ ৰাজ্য সমূহৰ মুখ্য সচিব উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.