শ্ৰমিক দিৱস প্ৰাসংগিক কথাৰে..

0 323

আজি শ্ৰমিক দিৱস।প্ৰতি বছৰে ১ মে’ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়।শ্ৰমিক সেই সকল, যাৰ শ্ৰমৰ জৰিয়তে আপুনি, আমি আশ্ৰয় লোৱা একো একোটা অট্ৰালিকা হৈ উঠে।এক কথাত ক`বলৈ গ`লে দেশ এখন বিকাশৰ প্ৰসংগত শ্ৰমিকৰ যোগদান অতুলনীয়।
১৮ ৰ পৰা ১৯ শতিকালৈ উদ্যোগিক বিকাশৰ যুগ বুলি কোৱা হয়।এই সময়ছোৱাত শ্ৰমিক সকলক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হৈছিল।একো একোজন শ্ৰমিকক অধিক সময় পৰিশ্ৰম কৰিবলৈ লগোৱা হৈছিল।কিন্তু বাবদত উপযুক্ত পাৰিশ্ৰমিক দিয়া হোৱা নাছিল।এয়া কেৱল ভাৰততে হোৱা নাছিল।সমগ্ৰ বিশ্বৰ শ্ৰমিকৰ কৰ্মৰ সময় ,দৰমহাৰ প্ৰসংগত ১৮৮৬ চনত আন্দোলন হৈছিল।যি আন্দোলনত শ্ৰমিকৰ মৃত্যু হৈছিল।ইয়াৰ পৰৱৰ্তী সময়ত আন্ত:ৰাষ্ট্ৰীয় সন্মিলনৰ বৈঠক হৈছিল আৰু তেতিয়াৰ পৰা ১মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।
অৱশ্যে ভাৰতত ১৯২৯ চনৰ পিছৰ পৰাহে পালন কৰা হয়।আজিৰ দিনটো বিশ্বৰ ৮০ খনৰো অধিক দেশত ৰাষ্ট্ৰীয় চুটি মনা হয়।মহামানৱ মহাত্মা গান্ধীয়েও শ্ৰমিক দিৱসৰ মহত্বৰ সম্পৰ্কে এনেদৰে কৈ গৈছে- কোনো দেশৰ বিকাশ শ্ৰমিক কৃষকৰ ওপৰত নিৰ্ভৰ কৰে।সেয়েহে এটা বিশেষ দিনত তেওঁলোকৰ হিতৰ বাবে সজাগতা অনাটো জৰুৰী।
সম্প্ৰতি ক’ভিড কালীন পৰিস্থিতিৰ বাবে শ্ৰমিক দিৱসৰ আনুষ্ঠানিক সভা অনুষ্ঠিত কৰা নাই যদিও সকলোৱে সজাগ হৈছে শ্ৰমৰ মূল্যায়নৰ বাবে.. কাৰণ এই সময় শ্ৰমৰ মৰ্য্যদা পোৱা নোপোৱাৰ হিচাপৰ সময়।

Leave A Reply

Your email address will not be published.