শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ২২ সংখ্যক নৱবৰ্ষ মহোৎসৱ

0 195

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ১ জানুৱাৰী পৰা ৭ জানুৱাৰী লৈ কলাক্ষেত্ৰ প্ৰাংগনত অনুষ্ঠিত হৈছে ২২ সংখ্যক নৱবৰ্ষ মহোৎসৱ। মহোৎসৱৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ১১বজাত অসমৰ বিশিষ্ট ঢোলবাদক তথা উদীয়মান যুৱ লোকশিল্পী হীৰকজ্যোতি শৰ্মা আৰু তেখেতৰ সংগীবৃন্দই পৰিবেশন কৰে টোকাৰী গীত।বিয়লি ৩ বজাত কলাক্ষেত্ৰ বাকৰিত পুতলা নাচ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।অনুষ্ঠানটো উদ্বোধন কৰে পুতলা নাটৰ বিশিষ্ট শিল্পী,পৰিচালক,অভিনেত্ৰী বিনীতা দেৱীয়ে।জাগীৰোডৰ সাগৰিকা পুতলা থিয়েটাৰ শিল্পী সকলে মহাপুৰুষ শংকৰদেৱ বিৰচিত আৰু জনপ্ৰিয় পুতলা নাট শিল্পী মনোৰঞ্জন ৰয়ৰ দ্বাৰা পৰিচালিত কেলিগোপাল নাটখনি মঞ্চস্থ কৰে। দিনৰ ৪-৩০ বজাত ৰামপুৰৰ কৈৱত ঢুলীয়া দলৰ দ্বাৰা চাৰকাৰ্ছ পৰিবেশন কৰা হয়।অনুষ্ঠানটো পৰিচালনা কৰে অৰুণাভ নায়কে। সন্ধিয়া ৫-৩০ বজাত বিশিষ্ট নাট্যকাৰ অনুপজ্যোতি চৌধুৰী পৰিচালনা
বুৰঞ্জীমূলক নাট লাচিত বৰফুকন মঞ্চস্থ কৰা হয়।পৰিচালনা মৌচম বৰা,সহ: পৰিচালনা, ভাৰ্গভ চহৰীয়া,আলোক সম্পাদনা কৌশিক বৰবৰা,সাজসজ্জা গীতালি গোস্বামী, ৰূপসজ্জা জিন্টু শইকীয়া ,মঞ্চসজ্জা উমাকান্ত সোণোৱাল,কলা-নিৰ্দেশনা হেমন্ত হালৈ,শ্ৰাব্য ব্যৱস্থাপনা পাৰ্থ প্ৰতিম হালৈ। অভিনয়ত তাপচ দত্ত,ডাঃ জয়ন্ত দাস,চৈয়দ ইচমেহাল,ডাঃ মিৰন্দা বৰঠাকুৰ, নৱজ্যোতি কোঁৱৰ,ৰঞ্জন শৰ্মা,জয়ন্ত কুমাৰ বৈশ্য,বিনোদ দাস,প্ৰাণজিৎ প্ৰীতম কলিতা,তীৰ্থ কুমাৰ নাথ,গোকুল বসুমতাৰী,ভাৰ্গভ চহৰীয়া,কল্যান কলিতা,ৰুমিলা বড়ো, ৰিমলি দাস,হিৰকজ্যোতি বৰদলৈ আৰু পাৰ্থ হালৈয়ে।

Leave A Reply

Your email address will not be published.