দৰং বাসীৰ বাবে সুখবৰ। নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত পোন মনোনয়ন লাভ কৰিছে দৰঙৰ সন্তান দ্বীপজ্যোতি কলিতাই। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোজিত আৰু কৃষ্ণকান্ত বৰা পৰিচালিত অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘বৰষুণ- চংছ ফ’ৰ ৰেইন‘ত দূৰ্দান্ত অভিনয় কৰা বাবে অভিনেতা গৰাকীয়ে শ্ৰেষ্ঠ মনোনয়ন লাভ কৰিছে । মঙলদৈ বামুণপাৰা নিবাসী তথা মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ডম্বৰুধৰ কলিতা আৰু সফুৰা কলিতাৰ পুত্ৰ দ্বীপজ্যোতি কলিতাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ পৰা ডিপ্ল’মা লাভ কৰি অপেছাদাৰী নাট্য জগতৰ সমান্তৰালভাৱে চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয়ৰ আত্মনিয়োগ কৰি আহিছিল।তেওঁৰ প্ৰচেষ্টাত মঙলদৈত গঠন হোৱা জাগ্ৰত সাংস্কৃতিক গোষ্ঠী গঢ় লৈ উঠিছে। সৰুৰে পৰা অভিনয়ক পেচা হিচাপে গ্ৰহণ কৰা দ্বীপজ্যোতিয়ে বহুকেইখন চলচিত্ৰ আৰু ধাৰাবাহিকত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে ৪ ৰ পৰা ১৩ জুনলৈ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ’ব।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা