শ্ৰেষ্ঠ পাৰদৰ্শীৰ সন্মান আজুৰিলে দৰঙৰ বিদ্যালয়ে

0 259

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এশ শতাংশ সফলতাৰে ৰাজ্যখনৰ দহখন ‘শ্ৰেষ্ঠ পাৰদৰ্শী’ বিদ্যালয়ৰ সন্মানেৰে পুনৰ জিলিকি উঠিল দৰঙৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ খান্দাজান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ৷ অসম চৰকাৰৰ শিক্ষা বিভাগে যুগুত কৰা ৰাজ্যখনৰ দহখন শ্ৰেষ্ঠ পাৰদৰ্শী বিদ্যালয়ৰ তালিকাত খান্দাজান আদৰ্শ উচচ মাধ্যমিক বিদ্যালয় খন ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতেই উছাহৰ ঢল বৈছে৷
 
 
উল্লেখযোগ্য যে এই বিৰল সন্মান লাভ কৰা এই খন বিদ্যালয়েই হৈছে দৰঙৰ একমাত্ৰ শিক্ষানুষ্ঠান৷ আজি ৰাজ্য চৰকাৰে আয়োজন কৰা ‘শিক্ষক দিৱস’ৰ দিনা এই বঁটা গ্ৰহণৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকী আমন্ত্ৰণ লাভ কৰিছে৷
বিগত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৩৪ গৰাকী পৰীক্ষাৰ্থীৰ চাৰিগৰাকীয়ে ষ্টাৰ নম্বৰ, ৭ গৰাকীয়ে লেটাৰ নম্বৰ সহ প্ৰথম বিভাগ, ২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ হাৰ নিশ্চিত কৰিছিল৷
 
বিগত বৰ্ষতো বিদ্যালয় খনৰ পঞ্চাশ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দুগৰাকীয়ে ষ্টাপ নম্বৰ,১৫ গৰাকীয়ে লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত, ৩০গৰাকীয়ে লেটাৰ নম্বৰসহ দ্বিতীয় বিভাগত আৰু তিনিগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ হাৰ নিশ্চিত কৰি শ্ৰেষ্ঠ পাৰদৰ্শী বিদ্যালয় বঁটাৰে সন্মানিত হৈছিল৷
বিদ্যালয়খনৰ এই বিৰল সফলতাত উৎফু্ল্লিত হৈ দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা আৰু ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিদ্যালয়ৰ শিক্ষক আৰু কৃতিত্ব অৰ্জন কৰা পৰীক্ষাৰ্থী সকললৈ অভিনন্দন জ্ঞাপন কৰিছে৷
বিদ্যালয়খনত সফলতাৰ হাৰ সূচনা কৰাত বিশেষ অৰিহণা আগবঢ়োৱা বৰ্তমানে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনিমা চহৰীয়াইয়ো বিদ্যালয়খনৰ শিক্ষক সকলৰ লগতে কৃতিত্ব অৰ্জন কৰা পৰীক্ষাৰ্থী সকললৈ অভিনন্দন জনাইছে ৷

Leave A Reply

Your email address will not be published.