ষ্টাৰ্ট আপৰ সপোন বাস্তৱায়িত কৰিছে উদয়ম আচামে

0 265

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ উদ্যোগ আৰু পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আচাম ষ্টাৰ্টআপৰ কাৰ্যালয় আজি পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ পিছতে আচাম ষ্টাৰ্টআপে অনুষ্ঠিত কৰা উদয়ম আচামৰ সফলতাপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
 
 
আচাম ষ্টাৰ্টআপ হৈছে অসমৰ বিকাশৰ ক্ষেত্ৰখনৰ এক বৃহৎ সংযোজন। উল্লেখযোগ্য যে ৰাজ্যৰ যুৱ উদ্যোগী সকলৰ বাবে উদ্যম য়ুথ এন্টাৰপ্ৰিনিয়ৰশ্বীপ নামৰ এক প্ৰগ্ৰেমৰ মুকলি কৰা হয়। ইয়াৰ সমান্তৰালভাৱে আচাম ষ্টাৰ্টআপৰ আজিৰ এই অনুষ্ঠানত ৰাজ্যখনৰ ৩১গৰাকী যুৱ উদ্যোগীলৈ চেক প্ৰদান কৰে।
 
অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে আজি ভাৰতক আগুৱাই নিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ঠিক তেনেদৰে আমিও আগুৱাই নিবলৈ সততা, নিষ্ঠাৰে কৰ্ম কৰিবই লাগিব। ক’ভিড১৯ৰ পৰা নিজকে সুৰক্ষা কৰিবলৈ মাস্কৰ ব্যৱহাৰ কৰিবই লাগিব।
 
 
 
প্ৰধানমন্ত্ৰী মোডীৰ সকলো সিদ্ধান্তই আমাক সকলোকে বিশেষভাৱে লাভৱান্বিত কৰিব। আমি পিছলৈ ঘুৰি নাচায় সমুখলৈ লক্ষ্য দি আগুৱাই যোৱাটো উচিত। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ট্ৰেইলব্লেজাৰ্চ নামৰ আচাম ষ্টাৰ্টআপ দ্যা নেষ্টৰ বিভিন্ন কাৰ্যক্ৰমণিকা সম্বলিত গ্ৰন্থ এখনৰো উন্মোচন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এই ষ্টাৰ্টআপ আছিল চৰকাৰৰ ড্ৰীম প্ৰজেক্ট। সমগ্ৰ ৰাজ্যতে ৮৬৫টা কেন্দ্ৰ আছে । তেখেতে কয় যে ৰাজ্যৰ এক লাখ গৰাকীক স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিয়াৰ কথা আছিল। কিন্তু লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।
আজিৰ এই অনুষ্ঠানটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ উদ্যোগ তথা পৰিৱহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্যৰ যুৱ উদ্যোগীৰ লগতে বহুকেইগৰাকী উচ্চপদস্থ বিষয়া আৰু ষ্টাৰ্টআপৰ বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.