সঁজাল কুটীৰ -সজাল হ’ব ধৰা এমুঠি আশাৰ উকমুকনি

0 440

সুস্থ চিন্তা আৰু ইতিবাচক দৃষ্টিভংগীয়েহে সমাজ এখনক সুন্দৰ কৰি তোলে।এনে সুস্থ চিন্তাৰ আলমত নুমলীগডৰ তেলগৰমত জন্ম লাভ কৰিছে এটা সামাজিক অনুষ্ঠানে।সাংবাদিক প্ৰিয়ংদীপ কাকতিৰ ব্যক্তিগত প্ৰচেষ্টাত জন্ম লাভ কৰা সঁজাল কুটীৰ নামৰ সামাজিক অনুষ্ঠানটো সমাজৰ জনসাধাৰণৰ বাবে উৎসৰ্গিত।প্ৰিয় পাঠক, এন ই ফ’কাচ ডট কমে সদায়ে ইতিবাচক খবৰ আপোনাক যোগান ধৰাৰ প্ৰয়াস কৰি আহিছে, তাৰেই অংশস্বৰুপে আজি এই প্ৰতিবেদন আগবঢ়োৱা হ’ল।সমাজক কিমান ভালপালে এজন ব্যক্তিয়ে সমাজৰ কাৰণে সৰ্বস্ব উজাৰি দিব পাৰে, তেনে মানসিকতাৰে সাংবাদিক প্ৰিয়ংদীপ কাকতিয়ে একক প্ৰচেষ্টাত জন্ম দিছে এই বিশেষ অনুষ্ঠানটো।উল্লেখযোগ্য যে এই অনুষ্ঠানটো মিচিং জনজাতিৰ চাংঘৰৰ আৰ্হিত নিৰ্মিত ।সঁজাল কুটীৰ বিভিন্ন ইতিবাচক কামৰ আদ্দাস্থলী।স্মৰ্তব্য যোৱা ১৮ জানুৱাৰীত সঁজাল কুটীৰে জন্ম লাভ কৰিছিল আৰু এতিয়ালৈকে ইয়াত বিভিন্ন সমাজ, সংস্কৃতিমূলক বিভিন্ন আলোচনাচক্ৰ অনুষ্ঠিত হৈ আছে।এই অনুষ্ঠানটোৰ সম্পৰ্কত সঁজাল কুটীৰৰ প্ৰতিষ্ঠাতা প্ৰিয়ংদীপ কাকতিয়ে এনেদৰে কয়-মূলত উত্তৰ প্ৰজন্মৰ বাবে এনে এটা অনুষ্ঠান গঢ় দিলো।ইয়াৰ জৰিয়তে অসমীয়া জনজীৱনৰ পৰা লুপ্ত হ’ব ধৰা সমূহ কৃষ্টি সংস্কৃতি সংৰক্ষণৰ বাবে প্ৰয়াস কৰিম।উল্লেখযোগ্য যে সমাজকৰ্মী পিতৃ বীৰেন কাকতিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰিয়ংদীপ কাকতিয়ে এনে পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ।সঁজাল কুটীৰ হাজাৰ জনৰ সহায়ক হওক, সঁজাল কুটীৰৰ পৰা খোল খাওক সৃষ্টিৰ এক নতুন দুৱাৰ ,আমাৰ থাকিল অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.