সংবাদ মাধ্যমত প্ৰচাৰ হোৱা পিছতে এগৰাকী বৃদ্ধালৈ আহিল সহাঁৰি

0 277

টীয়কৰ কাৱৈমাৰীত মথাউৰিত জৰাজীৰ্ণ অৱস্থাত চালিৰ তলত বসবাস কৰা এগৰাকী ৮৩ বছৰীয়া বৃদ্ধা আইতাৰ খবৰ এদিন পূৰ্ৱে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷লগে লগে অসমৰ স্বাস্থ্যমন্ত্ৰী,টীয়কৰ দল সংগঠন, সমাজ সচেতন ব্যক্তিৰ দৃষ্টি গোচৰ হয় আৰু আইতাক সহায় কৰিবলৈ  আগবাঢ়ি আহে৷
 
 
অৱশ্যে গাঁৱৰ ৰাইজে আইতা গৰাকীক আগৰে পৰা সহায় কৰি অহিছে বুলি জানিব পৰা গৈছে৷শনিবাৰে
টীয়কৰ কেইজনমান সাংবাদিক, টীয়ক চুতীয়া ছাত্ৰ সন্থাৰ লগতে কেইজনমান সমাজ সচেতন ব্যক্তিয়ে আইতাক পাৰ্যমানে শুশ্ৰুষা কৰাৰ লগতে কিছু খাদ্যও যোগান ধৰিলে আৰু দেওবাৰে অসময়ৰ স্বাস্থ্য মন্ত্ৰীজনৰ নিৰ্দেশত কাৱৈমাৰীৰ পৰা প্ৰশাসনৰ সহযোগত যোৰহাট মেডিকেল কলেজত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
 
 
টীয়কৰ কেইজনমান সাংবাদিক লগতে ভাৰতীয় জনতা পাৰ্টি , যুৱ মৰ্চাৰ দুজনমান নেতৃ বৃন্দ, টীয়ক আৰক্ষী থানা, চুতীয়া ছাত্ৰ সন্থা , ৰেঙণিৰ সদস্যই এই ক্ষেত্ৰত সহায় কৰে৷চিকিৎসালয়ত থকা সময় খিনিত প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ দায়িত্ব লৈছে যোৰহাটৰ বৰনাভ নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই। সুস্থ হৈ উঠাৰ পাছতে আইতা গৰাকীক স্থায়ীকৈ থকা, খোৱা আদিৰ সম্পূৰ্ণ দায়িত্ব লৈছে যোৰহাট লিচুবাৰীস্থিত সাৰথি নামৰ এখন মহিলা বৃদ্ধাশ্ৰমে।

Leave A Reply

Your email address will not be published.