সংবাদ মেলত কি ক’লে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে

0 312

আজি এখন সংবাদমেল যোগে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিছ লাখ কোটি টকীয়া আৰ্থিক পেকেজৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা।
• সমগ্ৰ দেশৰে যিসমূহ ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগ আছে সেইসমূহৰ বাবে পোনপটীয়া ঋণ প্ৰদান কৰা হৈছে তিনি লাখ কোটি টকা।
• চলিত বৰ্ষৰ আগষ্ট মাহলৈকে চৰকাৰে দেশৰ সকলোধৰণৰ প্ৰতিষ্ঠানৰে কৰ্মচাৰীৰ ই পি এফৰ সম্পূৰ্ণ ধন বহন কৰিব।
• চৰকাৰে দেশৰ যিসমূহ কৰ্মচাৰীয়ে ১৫ হাজাৰতকৈ কম দৰমহা লাভ কৰে সেইসকল কৰ্মচাৰীলৈ ২৪ শতাংশ পি এফ প্ৰদান কৰিব।
• ডিজিটেলাইশ্যন কৰা হ’ব সমগ্ৰ দেশৰে সকলোধৰণৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্প উদ্যোগ সমূহ।
• কেন্দ্ৰীয় চৰকাৰে দেশৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পক লৈ যিসমূহ আচনি গ্ৰহণ কৰিছে সেইসমূহৰ জৰিয়তে সহায় হ’ব ৪৫লাখ উদ্যোগ।
• বিদেশী কোম্পানী সমূহৰ বিপৰীতে দেশীয় কোম্পানী সমূহক দিয়া হ’ব অগ্ৰাধিকাৰ। দেশীয় কোম্পানী সমূহেহে কেৱল দুশ কোটি টকা পৰ্যন্ত টেণ্ডাৰ।
• কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ কোটি টকাৰ আচঁনি গ্ৰহণ কৰিছে এন বি এফ চিৰ।
• ৯০ হাজাৰ কোটিৰ টকাৰ সহায়তা ৰাশি কৰা হৈছে বিজুলী বিতৰণ কোম্পানী বিলাকৰ কাৰণে।
• ২৫ মাৰ্চ ২০২০ৰ ভিতৰত ৰেজিষ্টাৰ হোৱা নিৰ্মাণ সম্পৰ্কীয় কাম সমূহ শেষ কৰিবলগীয়া নিৰ্ধাৰিত সময় বৃদ্ধি কৰা হ’ল। বিত্তমন্ত্ৰীয়ে এই সময়সীমা বৃদ্ধি কৰিলে ছয় মাহলৈ।
• চলিত বৰ্ষৰ ১৪ মেৰ পৰা আগন্তুক বৰ্ষলৈকে টি ডি এছ আৰু টি জি এছৰ বাবে ঘোষণা কৰা হৈছে ২৫ শতাংশ ৰেহাই। ২০২১ৰ ৩১ মাৰ্চৰ লৈকে এই ৰেহাই প্ৰক্ৰিয়া অব্যাহত থাকিব যাৰ জৰিয়তে ৫০ হাজাৰ কোটি ৰাহি হব।
• চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ ভিতৰত আয়কৰ সকলোৱে ভৰিব লাগিব। চৰকাৰী চাকৰিয়ালসকলক আয়কৰৰ ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰৰ ফালৰ পৰা ৰেহাই প্ৰদান কৰিছে।
আগন্তুক ২-৩ দিনত আৰ্থিক পেকেজ সন্দৰ্ভত সংবাদমেলৰ সম্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে নিৰ্মলা সীতাৰমণে।

Leave A Reply

Your email address will not be published.