সংবাদ মেলত কি নতুন নিৰ্দেশনা জাৰি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

0 283

সমগ্ৰ দেশতে কালিলৈ অৰ্থাৎ ৪মে’ৰ পৰা আৰম্ভ হ’ব  তৃতীয় পৰ্যায়ৰ লক ডাউন। ক’ৰণাক প্ৰতিহত কৰিবলৈ ঘোষণা কৰা এই তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত কি কি ক্ষেত্ৰত শিথিলতা অব্যাহত থাকিব এই সন্দৰ্ভত সংবাদমেল যোগে  মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।
 
 
ৰাজ্যত আন্তঃজিলা বাছ সেৱা সমূহ আৰম্ভ কৰা হ’ব কাইলৈৰ পৰা। উল্লেখ্য যে এই বাছসেৱা  ৰাজ্যৰ অৰেঞ্জ জ’ন আৰু ৰেড জ’নত সমূহত বন্ধ থাকিব। অৱশ্যে  ৫০ শতাংশ যাত্ৰীহে  বাছত  চলাচল কৰিব পাৰিব।
 
অকল অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত  থকা বাছকহে  চলাচল কৰাত অনুমতি প্ৰদান কৰিছে। প্ৰসংগক্ৰমে উল্লেখ্য যে  ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা গাড়ী সমূহে অৰেঞ্জ জ’ন বা ৰেড জ’নত অন্তৰ্ভুক্ত হোৱা ঠাইত গাড়ী ৰখাব নোৱাৰিব।
 
 
ইয়াৰ লগতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ এই সংবাদমেল খনৰ আন কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা এনেধৰণৰ-
(১) ৰাজ্যত অহা সোমবাৰৰ পৰা আৰম্ভ  হ’ব সকলো ধৰণৰ ই-কমাৰ্চ।
(২) ৰেষ্টুৰেণ্ট আৰু হোটেল ইত্যাদি খুলিব পাৰিব। অৱশ্যে ৰেষ্টুৰেণ্ট অথবা হোটেলত বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব।
(৩) এই সময়ছোৱাত চেলুন, বিউটি পাৰ্লাৰ আদি বন্ধ থাকিব। আনহাতে কোনোবাই যদি চুলি কাটিব বিচাৰে তেনেহ’লে নাপিত জন  ঘৰলৈ যাব পাৰিব।(৪) চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয় সমূহ কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কাম কাজ আৰম্ভ হ’ব।
(৫)  বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
(৬) ব্যক্তিগত চাৰিচকীয়া বাহন সমূহত চালক সহ যাব পাৰিব মুঠ তিনিজন যাত্ৰী।
(৭) দুচকীয়া বাহন সমুহত যাব পাৰিব মাত্ৰ এজন কিন্তু ইয়াত আৰোহী হিচাপে যাব পাৰিব মহিলা বা শিশু।
(৮) এই সময়ত  জিম আৰু চিনেমা হ’ল বন্ধ থাকিব।
(৯) যদিহে চৰকাৰী তথা বেচৰকাৰী খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰী সকলৰ ৫ বছৰীয়া সন্তান থাকে তেনেহ’লে কাৰ্যালয়লৈ আহিব নালাগে
(১০)  সাপ্তাহিক বজাৰ সমূহ বন্ধ থাকিব।
(১১) দোকান পোহাৰ খুলিব পাৰিব। ইয়াৰ ক্ষেত্ৰত খোলাৰ অনুমতি কেৱল এক তৃতীয়াংশৰহে।
(১২) সকলোৱে সামাজিক দূৰত্ব মানি চলাটো নিতান্তই বাধ্যতামূলক।
(১৩) কেব চাৰ্ভিচ পুনৰ আৰম্ভ হ’ব। কিন্তু ইয়াতে চালক সহিতে উঠিব পাৰিব কেৱল দুজনহে লোক।

Leave A Reply

Your email address will not be published.