সংবাদ সেৱাৰে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি-সাংবাদিক-সংবাদকৰ্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ দিব কামৰূপ মহানগৰ পৰিবহন বিভাগে

0 151

মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত সংবাদ সেৱাৰ ক্ষেত্ৰত একনিষ্ঠভাৱে জড়িত সাংবাদিক আৰু সংবাদকৰ্মী সকলক থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এশ দিন সফলতাৰে অতিক্ৰম কৰা উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰা বুলি কয় কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে।তেওঁ কয় যে দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু সংবাদকৰ্মী সকলৰ ভূমিকা অতুলনীয় আৰু উল্লেখযোগ্য।বিভিন্ন জটিল পৰিস্থিতিতো সাংবাদিক সকলে অতন্দ্র প্ৰহৰীৰ দৰে সমাজ জীৱনলৈ অনবদ্য সেৱা আগবঢ়াই আহিছে।গাড়ীচালনা আৰু পথ সুৰক্ষাৰ বিভিন্ন নীতি নিৰ্দেশনা সমূহ সমাজৰ সৰ্বস্তৰৰ মাজলৈ আগবঢ়াই নি জনসাধাৰণক সদাসচেতন আৰু সজাগ কৰি ৰখাটো সাংবাদিক সকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।সেয়েহে সমাজৰ প্ৰতি উৎসৰ্গিত এই সকল দৈনন্দিন যাতায়ত আৰু যোগাযোগত সুবিধা হোৱাকৈ গাড়ীচালনাৰ একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিচাৰিছোঁ আৰু তেওঁলোকক আগবাঢ়ি আহি এই সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।উল্লেখযোগ্য যে অনুজ্ঞাপত্ৰ বাবে আবেদনকাৰীসকলক প্ৰথমে হোন্দা চেফটি ড্ৰাইভিং এডুকেছন চেণ্টাৰ সহযোগত পথ সুৰক্ষা আৰু যান বাহন চলোৱাৰ বিধি সন্দৰ্ভত প্ৰাথমিক জ্ঞান প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।সেই অনুসৰি অহা ৩১ আগষ্ট পৰা মহানগৰী বেতকুছিস্থিত জিলা পৰিবহন বিষয়া কাৰ্যালয়ত এমাহৰ বাবে প্ৰতিদিনে ১০ গৰাকীকৈ আবেদনকাৰীক থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব।জিলা পৰিবহন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক আবেদনকাৰীসকলে অনুজ্ঞাপত্ৰ বাবে নিজৰ নাম ঠিকনা ,বয়সৰ প্ৰমাণ পত্ৰ parivahan sewa portal অথবা http//sarathi. parivahan.gov. in/sarathi service ত অনলাইন যোগে আবেদন কৰিব লাগিব।তদুপৰি অনলাইন আবেদনৰ পিছত আবেদনকাৰীসকলে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমানপত্ৰ দাখিল কৰিব লাগিব।

Leave A Reply

Your email address will not be published.