সদৌ কমান অপৃন কৌবাংৰ বাৰ্ষিক সাধাৰণ সভা

0 332

ৰাজ্যখনৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান ঠেঙুলি স্বৰূপ কমান সকলৰ উমৈহতীয়া মঞ্চ সদৌ কমান অপৃন কৌবাংৰ ১০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে  অনুষ্ঠিত হয়।  বগীনদীৰ ভীমপৰা গৰৈমাৰী কৃষ্টি ভৱন প্ৰাংগণত ৮ শতাধিক কমান বংশধৰৰ অংশ গ্ৰহনেৰে অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাৰ সভাপতিত্ব কৰে কমান অপৃনৰ সভাপতি  নন্দেশ্বৰ কমানে।  কমান অপৃনৰ সাধাৰণ সম্পাদক চিদানন্দ কমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অৱসৰ প্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া প্ৰেমধৰ কমান , অৱসৰী বেংক বিষয়া জাতিৰাম কমান ,  শিক্ষাবিদ মনিধৰ কমান, ৰবীন কমান, মুখ্য উপদেষ্টা দীনেশ কমান, নিধি সঞ্চালক লিলেশ্বৰ কমান, মহন কমান , মেঘনাথ কমান, ৰবীন কমান, প্ৰদীপ কমান আদিয়ে কমান সকলৰ আৰ্থ সামাজিক ,শৈক্ষিক, সাংস্কৃতিক বিকাশত বাবে কমান সকলৰ কৰণীয়তা আৰু অপৃনে এই ক্ষেত্ৰত গ্ৰহণ কৰি অহা সামাজিক দায়বদ্ধতা সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।  জিলা পৰিষদৰ সদস্য ৰেৱতী কমান , দীপ্তি কমান, বিষ্ণু কমান আদি উপস্থিত থকা সভাত ৫ফেব্ৰুৱাৰী প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰা , কুলি কমান সমন্বয়ৰক্ষী সমিতি ভংগ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যিসকল কমান উপাধি থকা  ব্যক্তিয়ে   বাস্তৱত কুলিৰ উপাধি লিখি পৰিচিত হৈছে তেঁওলোকে কুলি উপাধি এৰি নিজৰ কমান উপাধি  লিখি কমান সকলৰ বংশ পৰিচয় শক্তিশালী  কৰাত অৰিহণা  যোগাবলৈ  সাধাৰণ সভাই অনুৰোধ জনায়।  লগতে ডঃল কুলি অপৃনৰ লগত আলোচনা কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে।
সভাত কমান সকলৰ বংশধৰ পৰীক্ষণ সমিতি গঠন , বংশলতা প্ৰণয়ন সমিতি গঠন, সংবিধান সংশোধনী সমিতি গঠনৰ ওপৰত বিশদ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি সভাই কমান বুৰঞ্জী প্ৰকাশ , কমান অপৃনৰ সমষ্টি আৰু আঞ্চলিক গঠন আদি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। স্বকীয় নৃত্য গীতেৰে জীপাল হৈ পৰা সভাত কমান কুমচুং ওপৰত উল্লেখনীয় প্ৰস্তাৱ গ্ৰহণ কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.