সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’ল ভিলেজ ৰকষ্টাৰ্ছ

0 232

অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্রেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তর্ভুক্ত হ’ল ভিলেজ ৰকষ্টাৰ্ছ।এতিয়াৰে পৰা ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰকষ্টাৰ্ছৰ বিষয়ে পঢ়িবলৈ পাব অসমৰ শিক্ষার্থীয়ে।সপ্তম শ্রেণীৰ ইংৰাজী পাঠ্যক্ৰমত ‘ধুনুৰ গীটাৰ’ নামেৰে এটা অধ্যায় অন্তর্ভুক্ত কৰিছে ছেবাই।
ভিলেজ ৰকষ্টাৰ্ছৰ মুখ্য চৰিত্ৰ ধুনু আৰু তাইৰ গীটাৰখনকলৈ ৰকষ্টাৰ্ছ হোৱাৰ সপোন দেখা কাহিনীটোৱে সকলোৰে হৃদয় চুই যায়।বিশ্ব দৰবাৰত পৰিচিত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ কাহিনী অতুলনীয়।এতিয়া পাঠ্যক্ৰমত ধুনু’ৰ কাহিনী অন্তর্ভুক্ত হোৱাত ছবিখনত অভিনয় কৰা ধুনু অৰ্থাৎ ভনিতা দাসো উৎফুল্লিত হৈ পৰিছে।
ভিলেজ ৰকষ্টাৰ্ছ কাহিনীৰ মূল পটভূমি ছয়গাঁৱৰ কালাৰদিয়া গাঁৱতো এতিয়া আনন্দৰ বন্যা দেখা গৈছে।অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই পদক্ষেপ নিশ্চয়কৈ লেখত ল’বলগীয়া।এই ক্ষেত্ৰত ছবিখনৰ স্ৰষ্টা ৰীমা দাসেও সন্তুষ্টি প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.