সমগ্ৰ দেশত চৰ্চিত হৈ পৰিছে মণিপুৰৰ কোৱাৰেণ্টাইন গৃহ

0 244

মহামাৰী ক’ৰণাই সমগ্ৰ বিশ্বজুৰি তাণ্ডৱ চলাইছে। এই ক’ৰণাক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি লকডাউনৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান দেশত   চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে। অসমৰ লগতে উত্তৰ পূৱৰ ৰাজ্যসমূহতো চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। লকডাউনৰ সমান্তৰালকৈ কৰি থকা হৈছে কোৱাৰেণ্টাইন। ক’ৰণাত আক্ৰান্তকাৰী সকল যাতে কোনো লোকৰ সংস্পৰ্শলৈ নাহে সেয়েহে এই কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে।
 
 
আজি আমি আপোনালোকক জনাবলৈ লৈছো এটা অতি ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰৰ বিষয়ে। এই কোৱাৰেণ্টাইন চেণ্টাৰটো আছে মণিপুৰত। এটা অতি ব্যতিক্ৰমী আৰু আকৰ্ষণীয় কোৱাৰেণ্টাইন চেণ্টাৰ। মণিপুৰৰ এখন গাঁৱত সাজি উলিওৱা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ।
 
 
মণিপুৰৰ টুংজয় গাঁৱত ৮০টা জুপুৰীত কোৱাৰেণ্টাইন চেণ্টাৰটো সজা হৈছে। উল্লেখযোগ্য যে মাত্ৰ ১ দিনৰ ভিতৰত বাঁহেৰে নিৰ্মাণ কৰা হৈছে  ৮০টা জুপুৰী। গাঁওখনলৈ ঘুৰি অহা লোকসকলৰ বাবে  সাজু কৰি তোলা হৈছে এই জুপুৰী সমূহ।
 
 
প্ৰতিটো জুপুৰীতে এখন বিচনা, বিদ্যুৎৰ সুবিধা, শৌচালয়ৰ সুবিধা আৰু এখনকৈ ৰন্ধাৰ বাবে ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও লকডাউনত ঘুৰি অহা লোকসকলক তিনিটা গ্ৰুপত ভাগ কৰা হৈছে- ৰে’ড, গ্ৰীণ আৰু অৰেঞ্জ জ’নত। প্ৰতিজনৰে বাবে পৃথক পানীৰ পাইপলাইনৰ ব্যৱস্থা আছে। সকলো তথ্য অৱগত কৰিবলৈ আছে তিনিটা ইনফৰমেছন চেণ্টাৰ।প্ৰাকৃতিৰ নিৰিবিলি পৰিবেশত প্ৰস্তুত কৰা এই কোৱাৰেণ্টাইন গৃহই সম্প্ৰতি সকলোৱে মাজত চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.