সমাজ কল্যান বিভাগৰ দ্বাৰা ৰূপায়িত পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

0 207

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনস্থিত কাৰ্য্যালয় সভাকক্ষত অনুষ্ঠিত এক বৈঠকত শিশু আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে সমাজ কল্যান বিভাগৰ দ্বাৰা ৰূপায়িত পৰিপূৰক পুষ্টি আঁচনিৰ বিতং পৰ্যালোচনা কৰে।সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই আঁচনি খন ৰূপায়ন ক্ষেত্ৰত সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।
শিশু আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্য ক্ষেত্ৰত পৰিপুৰক পুষ্টি আঁচনিৰ গুৰুত্ব ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে আঁচনিৰ খনৰ অধীনত আগবঢ়োৱা পুষ্টিকৰ সামগ্ৰী সমূহ তালিকাকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন পোষকতা কৰে।মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি দ্বাৰা শিশু আৰু গৰ্ভৱতী মহিলা সকলে যাতে সৰ্বাধিক উপকৃত হয় তাৰ বাবে বিভাগে আঁচনি খনৰ কাৰ্যকৰী কৰণত নিত্য-নতুন চিন্তা চৰ্চাৰে আগবাঢ়িব লাগিব।এই উদেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীয়ে বিভাগক আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বৰ্তমানে কাৰ্যকৰী হৈ থকা সামগ্ৰীৰ তালিকা খনত অধিক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীয়ে খাদ্য সামগ্ৰীৰ তালিকাখনত অধিক সামগ্ৰী সংযোজনৰ বাবে পদক্ষেপ লোৱাকে ধৰি আন কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
আঁচনি খনৰ ৰূপায়নৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়া সকলক নিয়মীয়াকৈ চৰজমিন পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে।আচঁনিখন ৰূপায়ণত যাতে কোনো অনিয়ম সংঘটিত নহয় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে।তদুপৰি আচঁনিখনৰ দ্ৰুত ৰূপায়ণৰ বাবে কেতবোৰ প্ৰক্ৰিয়াগত সকাহ প্ৰদানৰ দিশতো পৰামৰ্শ আগবঢ়াই।
কালিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা,সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু,সমাজ কল্যান বিভাগৰ সঞ্চালক বি কে মোদিকে ধৰি কেইবা গৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.