সম্পাদনাৰ মেজৰ পৰা

0 247

২০১৮ বৰ্ষক বিদায় দিয়াৰ প্ৰাক ক্ষণত মনলৈ আহিছে ,এই বিশেষ বৰ্ষটোৰ পৰা আমি কি পালো, কি নাপালো। কথাতে কয় পোৱা নোপোৱাৰ হিচাপৰ জোখমাপ সময়হে নিৰূপন কৰে। আজি আমি জনাম কি কি ক্ষেত্ৰত বিগত বৰ্ষটোত উন্নয়ন হ’ল, কি ধৰণৰ ইতিবাচক কামে সমাজখনক ৰূপত তুলি ধৰিলে। প্ৰিয় পাঠক ne focus.com য়ে সদায় ব্যতিক্ৰমী খবৰ যোগান ধৰি আহিছে, তাৰেই অংশস্বৰূপে এই প্ৰতিবেদন আগবঢ়োৱা হ’ল।
বিগত বৰ্ষটো যদি ভূমুকি মাৰি চাও পৰিলক্ষিত হয় যে, পূৰ্বৰ তুলনাৰ মানুহৰ কৰ্ম সংস্কৃতি বৃদ্ধি পাইছে। সকলোৱে অসমীয়াগিৰিৰ দেখুৱাব পৰাকৈ তৎপৰ হৈ পৰিছে। কামৰ সৰু ডাঙৰকে শ্ৰেণীবিভাজন কৰা প্ৰক্ৰিয়াটো কমি গৈছে। এক অৰ্থত উদ্যমীৰ সংখ্যা বৃদ্ধি পাইছে।দ্বিতীয়তে, অসম পৰ্যটনৰ ক্ষেত্ৰত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ ঘটিছে।তৃতীয়তে, অসমত উদ্যোগ খণ্ডই প্ৰসাৰ লাভ কৰিছে ।অসমত নকৈ উদ্যোগৰ পৰিবেশ গঢ়ি উঠিছে ।চতুৰ্থতে ,ডিজিটেল মাধ্যমৰ জয়যাত্ৰা অব্যাহত আছে ।অসমত ডিজিটেল মাধ্যমৰ প্ৰভাৱ পৰিছে।পঞ্চমতে,যাতায়ত আৰু যোগাযোগ খণ্ডত বিশেষভাৱে গুৰুত্ব পূৰ্ণ বছৰ হিচাপে বিবেচিত হৈছে ।ধলা শদিয়া, বগীবিল দলং মুকলিয়ে স্বাক্ষৰ বহন কৰে।ষষ্ঠতে,গাঁওবোৰ পূৰ্বৰ তুলনাত উন্নত হৈছে ।বিশেষকৈ গাওবোৰক পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত একাংশ গাঁওবাসীয়ে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ।সপ্তমতে, মহিলা সৱলীকৰণৰ ক্ষেত্ৰত উন্নয়ন হৈছে।আত্মসহায়ক গোটে বহু ভাল কাম কৰা পৰিলক্ষিত হৈছে ।অষ্টমতে,কাৰ্য্যালয়ত দুৰ্নীতিৰ ঘোচ খোৱা কাৰবাৰ কমিছে।সেয়েহে এ পি এচ চিত অৱতীৰ্ণৰ হাৰ বৃদ্ধি পাইছে ।নৱমতে, তথ্য প্ৰযুক্তি উন্নয়ন হৈছে যদিও বেলেগ ৰাজ্যৰ তুলনাত হ’বলৈ বহু বাকী আছে ।ইয়াৰ বিপৰীতে ক্ৰীড়া, সংস্কৃতি ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে।দশমতে,সম্পদ,ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত যাত্ৰা আৰম্ভ কৰিছে যদিও বহুদূৰ আগুৱাবলৈ বাকী আছে।২০১৯ত আমি আশা কৰো সুন্দৰ অসম।যিখন অসমত সৰ্বাতোপ্ৰকাৰে উন্নয়ন হয়।শেষত সমূহ পাঠকক নৱবৰ্ষৰ অফুৰন্ত শুভেচ্ছা জনালো।                                         ধন্যবাদেৰে                                                  সংগীতা শইকীয়া।                                          সম্পাদক                                                  

Leave A Reply

Your email address will not be published.