সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে এটা হিন্দু পৰিয়ালে

0 278

মহাপুৰুষ শংকৰদেৱৰ সাতামপুৰুষীয়া পৰম্পৰা আজিও অক্ষুন্ন ৰাখিছে মাজুলীবাসীয়ে। ইয়াৰে জলন্ত নিদৰ্শন দাঙি ধৰিছে মাজুলী গোৱালগাঁৱৰ এটা পৰিয়ালে।
 
লক ডাউনৰ  নদীদ্বীপ খ্যাত মাজুলীত আৱদ্ধ হৈ আছে এগৰাকী ইছলাম ধৰ্মীয় ৰাজমিস্ত্ৰি। উল্লেখ্য যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে ইছলামধৰ্মীয় লোকসকলৰ মাজত ৰমজান মাহৰ ৰোজা চলি আছে। এই ৰমজান মাহৰ ৰোজা ৰাখিবলৈ মাজুলীত আৱদ্ধ হৈ থকা ইছলাম ধৰ্মীয় ৰাজমিস্ত্ৰীগৰাকীক ৰোজা ৰাখিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধাবোৰ কৰি দিছে মাজুলীৰ এটি হিন্দুৰ  পৰিয়ালে।
 
এই ধৰণৰ সাতামপুৰুষীয়া ঐক্য আজিও চলি আছে আৰু ভবিষ্যতেও থাকিব। কিয়নো এইখন  শংকৰ আৰু আজানৰ দেশ। অসমৰ মহাপুৰুষ দুগৰাকীয়ে নিৰ্মাণ কৰা এখন সম্প্ৰীতিৰ ৰাজ্য আমাৰ এই মাতৃভূমি অসম। এয়া অসমৰ মহান সম্প্ৰীতিৰ এক মহান তথা উৎকৃষ্ট নিদৰ্শন।

Leave A Reply

Your email address will not be published.