কালিলৈ উৰুকা ।চৌদিশে হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে ।কংক্ৰিটৰ মহানগৰীটো হেপাহৰ বিহুটিক আদৰাৰ বাবে প্ৰস্তুতি চলিছে ।হাতীগাৱৰ গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে ভেলাঘৰ আৰু মেজি সাজি জাতি ধৰ্ম নিৰ্বিশেষে ভোগালী বিহুক আদৰাৰ যো জা চলাইছে।উল্লেখযোগ্য যে গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে এনেদৰে ২০বছৰ ধৰি মাঘ বিহু উদযাপন কৰি আহিছে ।কেৱল হিন্দু মানুহেই নহয়, এই উন্নয়ন সমিতিখনত মুছলমান ধৰ্মীয় লোকো জৰিত হৈ আছে আৰু তেখেত সকলেও মাঘ বিহু উদযাপন কৰাত সহযোগ কৰিছে।এই সম্পৰ্কে গ্ৰীণ নগৰ উন্নয়ন সমিতিৰ বিনোদ পাঠকে কয় যে সমূহ ৰাইজৰ সহযোগত এইদৰে মেজি ভেলাঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’লো।২৫ডিচেম্বৰৰ পৰা আমি সমূহ ৰাইজে ভেলাঘৰ, মেজি নিৰ্মাণ কৰাৰ বাবে যো জা চলাইছিলো।উল্লেখযোগ্য যে ভেলাঘৰটো বাঁহ, খেৰ, নৰাই দুমহলীয়া চাংঘৰৰ আৰ্হিত প্ৰস্তুত কৰিছে।যি সময়ত ধৰ্মীয় বিভেদ আনিবলৈ অপশক্তিয়ে চেষ্টা চলাই আহিছে, সেই সময়ত গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে সম্প্ৰীতিৰ বাৰ্তা বিলাইছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন