সাঁচি গছৰ খেতিৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

0 286

সাম্প্ৰতিক সময়ত অসমৰ জৈৱ বৈচিত্ৰ্য তথা অপুৰুগীয়া সম্পদবোৰ বিলুপ্ত হোৱাৰ পথত। ৰাজ্যৰ জৈৱ বৈচিত্ৰ্য তথা প্ৰাকৃতিক সম্পদ সমূহক সুৰক্ষা দিবলৈ আপতা নামৰ এটা বিশেষ সংগঠনে এক  বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই সংগঠনটোৱে গছপুলি ৰোপনৰ জৰিয়তে কেনেধৰণেৰে স্বাৱলম্বনৰ পথ মুকলি কৰিব পাৰি সেই উদ্দেশ্যে সজাগতাৰ সৃষ্টি কৰিছে।
চৰাইদেউ জিলাৰ হাওঁফাওঁ গাঁৱত আজি আপতাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বিশেষ সজাগতা সভা এখন আয়োজন কৰা হয়। এই সজাগতা সভাখন সাঁচি গছৰ সম্পৰ্কত অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকে আপতাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জেহেৰুল ইছলাম আৰু উপ সভাপতি সত্যজিৎ হাজৰিকা। সভাত সাঁচি গছৰ উৎপাদনৰ ক্ষেত্ৰত ল’ব লগা বিশেষ পদ্ধতি সমূহৰ লগতে এই খেতিৰ পৰা কেনেদৰে লাভান্বিত হৈ স্বাৱলম্বী হ’ব পাৰে তাকে লৈ মন্তব্য আগবঢ়ায়।
আজিৰ এই সজাগতা সভাখনত যিসকল লোক উপস্থিত থাকে সেইসমূহ লোকক কেন্দ্ৰীয় সমিতিৰ দুয়োজন বিষয়ববীয়াই একোখনকৈ মাস্ক আৰু সাঁচি গছৰ এটিকৈ পুলি প্ৰদান কৰে। উল্লেখ্য যে বৰ্তমান সময়ত শিক্ষিত নিবনুৱা যুৱকসকলে কৰ্মসংস্থাপনৰ বহিঃৰাজ্যলৈ ধাপলি মেলি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সাঁচি গছৰ খেতি কৰি এজন ব্যক্তি কেনেদৰে লাভান্বিত হৈ উঠিব পাৰে সেই সন্দৰ্ভত আপতাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সঞ্জীৱ শইকীয়া আৰু সম্পাদক সৌৰভজ্যোতি গগৈয়ে লোৱা এই পদক্ষেপক  সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.