সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে চাইকেলেৰে ভ্ৰমিছে এজন যুৱকে

0 284

ৰাজ্যজুৰি সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। সেই সময়ত এজন সাংবাদিকে একক প্ৰচেষ্টাৰে চাইকেল চলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰচেষ্টা চলাইছে।
স্নেহাংকৰ চক্ৰৱৰ্তী নামৰ সাংবাদিক জনে বিশ্বনাথ চাৰিআলি পৰা প্ৰায় ১০০০ কিলোমিটাৰ অতিক্ৰমী শিৱসাগৰত উপস্থিত হৈছে।শিৱসাগৰত উপস্থিত হোৱা পাছতে কালি বাৰ্তাজীৱী সংঘৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ।
দুই অধ্যক্ষ সহ প্ৰাক্তন পৌৰ পতিয়ে ফ্লেগ জোকাৰি অভিবাদন জনালে সাংবাদিকজনক।শিৱসাগৰ পদূলিৰ পৰাই শিৱসাগৰ এন আই বি চাইকলিং গ্রুপৰ আৰচাৰ বৰাৰ নেতৃত্বত ৰাজিন ফাৰজান খান,প্ৰবাল পাংগিং, উদ্দীপ্ত বৰা,প্ৰবীন শৰ্মা,কানিংচন সিং,অভয়ান সন্দিকৈ ,ভাস্কৰ বৰুৱা,বলেন শইকীয়া,হানান আলিয়ে স্নেহাংকৰক জয়সাগৰলৈকে সংগ দিয়া লগতে শিৱসাগৰ জিলা বার্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকা আৰু সংঘৰ দিলিস্তান খান আৰু শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই প্ৰদান কৰা যানবাহান শাখাৰ আৰক্ষীয়ে স্নেহাংকৰক যোৰহাট জিলাত প্ৰৱেশ কৰাই থৈ আহে।
 

Leave A Reply

Your email address will not be published.