সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান হৈ যায়।ডিব্ৰুগড় জিলা লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা সাংবাদিক, কবি, সমাজ সংগঠক, শিল্পী সহ ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনায় ।মঞ্চই সম্বৰ্ধনা জনোৱা ব্যক্তিসকল ক্ৰমে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক কবীৰ শইকীয়া, ডিকমৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰ নাথ সন্দিকৈ, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক আদিত্য শইকীয়া, দৈনিক গণ অধিকাৰ কাকতৰ সাংবাদিক নেকিব আহমেদ, দৈনিক জনমভূমি কাকতৰ সাংবাদিক ৰমেশ হাজৰিকা, ধৰণী গগৈ, ভি এণ্ড এছৰ সাংবাদিক মুক্তামনি হাজৰিকা, নিউজ লাইভৰ সাংবাদিক সুৰজ দত্ত, প্ৰতিদিন টাইমৰ সাংবাদিক দেৱজিৎ চুতিয়া, প্ৰাগ নিউজৰ সাংবাদিক হোমেন ফুকন, ফটো সাংবাদিক বিশ্বজিৎ ফুকন, বিশিষ্ট কবি দিলীপ কুমাৰ বৰুৱা, উজনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া, উদীয়মান কণ্ঠশিল্পী ৰাগদীপ চেতিয়া, বিশ্বজিৎ খাটোৱাল, বিনা বেতনে শিক্ষকতাৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক বীৰেণ ফুকন, চাবুৱাৰ বিশিষ্ট চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাঁইক।খবৰ যুগুতালে চাবুৱাৰ পৰা পংকজ গগৈয়ে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন