সাংসদ তপন কুমাৰ গগৈ সহ ৰাজহ মন্ত্ৰীৰ অফলাৰ খহনীয়া এলেকা পৰিদৰ্শন-খহনীয়া প্ৰতিৰোধৰ বাবে ১ কোটি টকাৰ পুঁজিৰ ঘোষণা

0 238

যোৱা ১৬ মে’ত পুৱতি নিশা শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ নতুন বজাৰৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৪৮ গৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত ২৫,০০০ টকাৰ একোখনকৈ চেক বিতৰণ কৰে।
স্থানীয় যুৱদল প্ৰেক্ষাগৃহত ক’ভিড প্ৰট’কল অনুসৰি আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, যিকোনো ধৰণৰ দুৰ্যোগে জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে। ষ্টেচন চাৰিআলিৰ নতুন বজাৰত সংঘটিত অগ্নিকাণ্ড দুৰ্ভাগ্যজনক বুলি আখ্যা দি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঘটনাত নিশ্চয়কৈ ব্যৱসায়ী সকল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকক সাময়িকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত আজি এই আৰ্থিক অনুদান আগবঢ়োৱা সম্ভৱপৰ হৈ উঠিছে। যাবতীয় সাৱধানতা অৱলম্বন কৰিলে ভৱিষ্যতে এনেধৰণৰ দুৰ্যোগৰ পৰা হাতসাৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ উল্লেখ কৰে যে, অসম চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ পিছত প্ৰয়োজনীয় পুনৰ সংস্থাপন পুঁজি ৩০ দিনৰ ভিতৰতে লাভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই পুঁজি ব্যৱহাৰৰ বাবে সংশ্লিষ্ট উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ৰাজহ চক্ৰ সমূহৰ চক্ৰ বিষয়াৰ নেতৃত্বত তথা অন্যান্য বিভাগীয় বিষয়া সহ একোটিকৈ টাস্ক ফৰ্চ গঠন কৰা হ’ব আৰু এই টাস্ক ফৰ্চে ক্ষয়-ক্ষতি সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিব পাৰিব বুলিও তেওঁ সদৰি কৰে।
উল্লেখযোগ্য যে, অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ তৎপৰতাত নতুন বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলে ক্ষতিপূৰণ পোৱাত বিশেষভাৱে সন্তুষ্টি প্ৰকাশ কৰে আৰু মন্ত্ৰী গৰাকীৰ এই উদ্যোগৰ শলাগ লয়।
অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা তৎপৰতাৰ বাবে তেওঁক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাইজৰ সেৱাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিনিয়ত তৎপৰ বুলিও তেওঁ উল্লেখ কৰে। এই আৰ্থিক সাহায্যৰ জৰিয়তে ব্যৱসায়ী সকলে নিজৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক ভাৱে কিছু সকাহ লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই অগ্নিকাণ্ডৰ পিছত ব্যৱসায়ীসকলক পূৰ্বতকৈ অধিক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। তেওঁ জনসাধাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনকল্যাণকামী আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত পূর্ণ সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰতিনিধি প্ৰাঞ্জল খনিকৰে ৰাজ্য চৰকাৰে অতি তৎপৰতাৰ সৈতে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক প্ৰদান কৰা আৰ্থিক সকাহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
আদৰণি ভাষণ প্ৰদান কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই কয় যে, নতুন বজাৰৰ অগ্নিকাণ্ড সংগঠিত হোৱাৰ বাতৰি লাভ কৰি মুখ্যমন্ত্ৰীয়ে স্বয়ং টেলিফোনযোগে তেওঁৰ পৰা ক্ষয়-ক্ষতিৰ বিষয়ে বুজ লয়। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজহ মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰে।
আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশী আৰু সমাজ সেৱিকা সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে।
অনুষ্ঠানৰ অন্তত ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই দিচাংমুখ অঞ্চলৰ অফলা এলেকাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, এই সম্পৰ্কে মুখ্যমন্ত্ৰী অৱগত আৰু তেওঁ বিভাগীয়ভাৱে তৎপৰতাৰে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সাংসদ তপন কুমাৰ গগৈয়ে সদৰি কৰে যে, অফলাৰ খহনীয়া ৰোধৰ বাবে দুটা পৰ্য্যায়ত- হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ হৈ হ্ৰস্বম্যাদী পদক্ষেপ হিচাপে প্ৰাৰম্ভিক খহনীয়া ৰোধৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে ১ কোটি টকাৰ পুঁজি ঘোষণা কৰে। তেওঁ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা দুটা পৰ্য্যায়ত ১০ লাখ টকাকৈ মুঠ ২০ লাখ টকাৰ পুঁজিৰ ঘোষণা কৰে। তেওঁ লগতে উল্লেখ কৰে যে, দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে জলসম্পদ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ সমন্বয়ৰ মাধ্যমেৰে তথা মুখ্যমন্ত্ৰীৰ সৈতে পৰামৰ্শ কৰি বিহীত ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰা হ’ব। তেওঁ কয় যে, ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যাৰ বুজ লবলৈ জলসম্পদ মন্ত্রী গৰাকীয়ে যোৱা কেইবাদিন অসমৰ বিভিন্ন জিলা পৰিদৰ্শন কৰি আছে। খহনীয়া ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি তেওঁ ৰাইজৰ পূৰ্ণ সহযোগিতা আহ্বান কৰে।উল্লেখযোগ্য যে, খহনীয়া ৰোধৰ বাবে মিছিং স্বয়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা ২৫ লাখ টকাৰ এক পুঁজি আগবঢ়োৱা হৈছে।

Leave A Reply

Your email address will not be published.