সাংসদ-বিধায়িকা-উপায়ুক্তৰ অংশগ্ৰহণেৰে চৰাইদেউত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

0 257

সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সোণাৰি আৱৰ্ত্ত ভৱন চৌহদত আজি পালন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলা পতঞ্জলি যোগ সমিতিৰ সহযোগত অনুষ্ঠিত কৰা এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই।
 
 
বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হোৱা আজিৰ অনুষ্ঠানৰ দ্বীপমন্ত্ৰ পাঠ কৰে শিল্পী ৰূপা মিলিয়ে । অনুষ্ঠানত মূখ্য অতিথি হিচাবে উপস্থিত থাকি সাংসদ তপন কুমাৰ গগৈয়ে নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে সুস্থ-সবল স্বাস্থ্য লাভ কৰা আৰু কেনেকৈ সুন্দৰ মনৰ অধিকাৰী হ’ব পাৰি তাৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলক যোগাভ্যাস কৰিবলৈ আহ্বান জনায়।
 
 
পুৱা ৭:০০ বজাৰ পৰা যোগাভ্যাস আৰম্ভ কৰা হয় আৰু উপস্থিত সকলোৱে যোগ অনুশীলনত অংশ গ্ৰহণ কৰে । যোগ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল বুদ্ধেশ্বৰ বুঢ়াগোহাঁই, নিসিংহ‌ বিশ্বশৰ্মা, মুনিব শ্বাহ, ৰবীন বাইলুং আদি ব্যক্তি সকল ।অন্যহাতে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, অতিৰিক্ত উপায়ুক্তত্ৰয় ক্ৰমে জিতু কুমাৰ দাস, প্ৰণৱ কুমাৰ বড়া, দীপক কুমাৰ ভূঁঞা, সহকাৰী আয়ুক্ত সমুজ্জল বড়া, চৰাইদেউ জিলাৰ নৱনিযুক্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ নিজৰা দেৱী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ নৃপেন বৰুৱা, তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈ, সোণাৰি আৰক্ষী থানাৰ বিষয়া দিপান্তৰ ফুকন আদি ব্যক্তি সকলৰ লগতে চৰাইদেউ জিলা পতঞ্জলি যোগ সমিতিৰ বিষয় ববীয়া সকলে যোগ অনুশীলন কাৰ্যসূচীত ভাগ লয়।আজিৰ যোগ দিৱসৰ কাৰ্যসূচীত পুৱা ৭:০০ বজাৰ পৰা ৪৫ মিনিট সময় কমন যোগা প্ৰট’কল ড্ৰীল (CYPD) সম্পন্ন কৰা হয় ।
খবৰ যুগুতালে অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.