সাত সাগৰ তেৰ নদী পাৰত গছপুলি ৰোপন কৰিব অৰণ্য মানৱে

0 245

মেক্সিকোত অৰণ্য গঢ়িবলৈ আমন্ত্ৰণ লাভ কৰিছে যাদৱ পায়েঙে।জানিব পৰা মতে প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ তেখেতে মেক্সিকোলৈ আমন্ত্ৰণ লাভ কৰিছে।মেক্সিকোত গছপুলি ৰোপণ কৰিবলৈ চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে।এই বৃহৎ প্ৰকল্প ৰূপায়ণৰ বাবে মেক্সিকোৰ চৰকাৰে যাদৱ পায়েঙৰ লগত বিশেষ চুক্তিত স্বাক্ষৰিত হৈছে।
যাদৱ পায়েঙৰ এই বৃক্ষ ৰোপন কাৰ্যসূচীত দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী সহযোগ কৰিব।চেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি প্ৰতি বছৰে এই আঠ লাখ হেক্টৰৰ বৃহৎ এলেকাৰ গছপুলি ৰোপন কৰিব লাগিব। তেখেতে এই সম্পৰ্কে কয় মেক্সিকোলৈ গছপুলি ৰোপন কৰিবলৈ যাওতে অসমৰ পৰা এটা তামোলৰ পুলি আৰু এটা নাৰিকলৰ পুলিও লৈ যাব। মেক্সিকো চৰকাৰে প্ৰকৃতি সুৰক্ষা বাবে গ্ৰহণ কৰা এই পদক্ষেপ সচাঁই আদৰণীয়।

Leave A Reply

Your email address will not be published.