সামাজিক দূৰত্ব বজাই ৰাখি ক’ৰণাক প্ৰতিহত কৰক-মুখ্যমন্ত্ৰী

0 241

অসম অলিম্পিক সন্থাৰ  সভাপতি তথা মুখমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে আজি বিয়লি ৩ বজাৰ পৰা অসম অলিম্পিক সন্থাৰ সদস্য সদস্যা সকল, ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ,ক্ৰীড়া বিষয়া, ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয় ববীয়া সকলৰ সৈতে ক’ৰণা মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত Conference Call যোগে বাৰ্তালাপ কৰে।
 
 
 
মুখ্যমন্ত্ৰী সোণোৱালে বাৰ্তালাপত সকলোৰে কুশল বাৰ্তা লোৱাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ পোষকতা কৰে। তেখেতে কয় যে এইক্ষেত্ৰত চৰকাৰে যিসমূহ প্ৰতিকাৰমূলক নিৰ্দেশনা জাৰি কৰিছে তাক আখৰে আখৰে পালন কৰিলেহে এই মহামাৰীক আমি প্ৰতিহত কৰিবলৈ সক্ষম হ’ম। ক’ৰণা বীজাণুক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বৰ জৰিয়েতেহে পৰাভূত কৰা সম্ভৱ আৰু সমাজৰ সচেতন ব্যক্তি সকলে এই বিষয়ত সজাগতা সৃষ্টি কৰাত নেতৃত্ব বহন কৰিব লাগিব।
 
 
 
এইক্ষেত্ৰত ক্ৰীড়াক্ষেত্ৰৰ লগত জড়িত ব্যক্তি সকলে বিশেষ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে। বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাই কয় যে বিশ্বত্ৰাস ক’ৰণাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমাৰ ৰাষ্ট্ৰই যি সমূহ প্ৰতিকাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আমি পশ্চিমীয়া ৰাষ্ট্ৰসমূহতকৈ সুৰক্ষিত হৈ আছো। অৰ্জুন হিমা দাসে COVID-19ৰ ফলত বৰ্তমান সৃষ্টি হোৱা পৰিস্থিতিত গভীৰ উদেগ প্ৰকাশ কৰি কয় যে চৰকাৰে ঘোষণা কৰা LOCK DOWN কাৰ্যসূচী আমি কঠোৰভাৱে পালন কৰিব লাগিব।
 
 
এই সময়চোৱাত কিছু সমাজবিৰোধী শক্তিয়ে স্বাস্থ্যকৰ্মী তথা আৰক্ষীক আক্ৰমণ কৰা কাৰ্যক হিমাই তীব্ৰ গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীক এই অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা বক্সা লাভলীনা বৰগোঁহাইয়ে ক’ৰণা প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহক ভূয়সী প্ৰশংসা কৰে আৰু কিছু সন্দেহজনক চিকিৎসাধীন ব্যক্তিয়ে আতংকময় পৰিবেশ সৃষ্টি কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে।
 
 
ৰাজ্যৰ ক্ৰীড়াজগতৰ নৱতম চাঞ্চল্য শিৱাংগী শৰ্মাই চৰকাৰৰ নিৰ্দেশাৱলী আন্তৰিকতাৰে পালন কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে কয় যে শিৱাংগীয়ে দিল্লীত প্ৰশিক্ষণৰত আছিল সেয়ে তেওঁ নিজকে হোম কোৱাৰেইণ্টাইনত ৰাখিছে।
 
 
বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে বাৰ্তালাপত অংশগ্ৰহণ কৰি কয় যে এই সংকট কালত অসম অলিম্পিক সন্থাই গ্ৰহণ কৰা এই সামূহিক বাৰ্তালাপ কাৰ্যসূচী এক অনন্য পদক্ষেপ আৰু অনাগত সময়ত খেলুৱৈ তথা প্ৰশিক্ষক সকলক এই কাৰ্সূচীত অৰ্ন্তভূক্ত কৰিবলৈ আহ্বান জনায়।
 
এই বাৰ্তালাপ অনুষ্ঠানত হাইলাকান্দি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শৈৱাল সেনগুপ্তা, কাৰ্বিআংলং জিলা ক্ৰীড়া সন্থাৰ সম্পাদক পংকজ টেৰণ, কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সহেন্দ্ৰ বসুমতাৰী, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা• অচ্যুত বৰঠাকুৰ আৰু হোজাই জিলা ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্য দেৱেও অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.