সামাজিক বনানিকৰণৰ পতিত ভূমিত বনানিকৰণ কৰিবলৈ আহ্বান পৰিৱেশ সুৰক্ষা সমিতিৰ

0 470

ৰাজ্যৰ বিভিন্ন ঠাইত বনাঞ্চল ধ্বংস হৈ থকা কাৰ্য্য আৰু বনাঞ্চলৰ ভূমি বেদখল ৰোধ কৰিবলৈ পৰিবেশ সুৰক্ষা সমিতি, অসমে অসম চৰকাৰক দাবী জনাইছে। এইক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক পৰিবেশ সুৰক্ষা সমিতিয়ে দাবী জনাইছে।তিনিচুকীয়া ভ্ৰমণলৈ অহা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সংগঠনটোৰ সভাপতি ঋতুৰাজ বৰুৱাই সাক্ষাৎ কৰি এই বিষয়ত আলোচনা কৰে। ইফালে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত থকা সামাজিক বনানিকৰণৰ ভূমিসমূহ সন্দেহজনক লোকে বন ধ্বংস কৰি বে-দখল কৰি অহা, সামাজিক বনানিকৰণৰ ভূমি সংকুচিত হৈ অহা, বন ভূমি ধংস হোৱা, বনজ সম্পদ লুণ্ঠন আদি বিষয় অৱগত কৰে।
উল্লেখযোগ্য যে, সামাজিক বনানিকৰণৰ ডিব্ৰুগড় সংমণ্ডলৰ অধীনৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপত ৰঙাজান আৰু হাঁহচৰাত থকা সামাজিক বনানিকৰণৰ গছ গছনি নথকা, পতিত ভূমিত ঔষধি গছৰ বাগিচা, গছ-গছনি ৰোপণ কৰি বনানিকৰণ কৰিবলৈ পৰিবেশ সুৰক্ষা সমিতি, অসমক আৰু স্থানীয় প্ৰকৃতিপ্ৰেমীক বনানিকৰণ কৰিবলৈ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়।বিষয়টোৰ ক্ষেত্ৰত বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে। ইফালে, অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বনানিকৰণ আৰু বন ভূমি সংৰক্ষণৰ ক্ষেত্ৰত পৰিবেশ সুৰক্ষা সমিতিৰ কাৰ্যক শলাগ লয় আৰু এইক্ষেত্ৰত পূৰ্ণ সহযোগিতা কৰাৰ কথা সদৰি কৰে।

Leave A Reply

Your email address will not be published.