সামৰণি পৰিল আই এ চি ডি ইৰ বাৰ্ষিক অধিৱেশন

0 262

ইণ্ডিয়ান এচ’ছিয়েছন অব্‌ কনজাৰভেটিভ ডেন্টিষ্ট্ৰী এণ্ড এন্ডদন্টিক্‌চৰ ৩৫ সংখ্যক বাৰ্ষিক সন্মিলন আৰু অধিৱেশনখন ২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নিউ বিমানকোঠ পথত অৱস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷উক্ত অধিৱেশনখনৰ শুভাৰম্ভ কৰে আই এ চি ডি ইৰ মুখ্য পৃষ্ঠপোষক ডাঃ দিব্যেন্দু মজুমদাৰ আৰু বৰ্তমান সন্থাৰ সভাপতি ডাঃ ভি চন্দ্ৰশেখৰে৷ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে বক্তা হিচাপে এই অধিবেশনত অংশ গ্ৰহণ কৰে৷তাৰ ভিতৰত জাৰ্মানীৰ ডা°ডেনিচ কহলাৰ ,নিউয়ৰ্কৰ ডা° মহুৱা বোস পিল্লাই, ডেনমাৰ্কৰ ডা° লাৰ্‌চ ব্ৰঞ্জডেল,জামাইকাৰ ডা° শশী নালাপতি আৰু ইউ.এ ইৰ ডা° এচ ভেংকটেশ বাবুয়ে “অনলাইন বক্তা “হিচাপে আৰু দেশৰ আগশাৰীৰ বিষয় চিকিৎসক ডা° প্ৰদীপ কুমাৰ,ডা° আৰ এচ মোহন কুমাৰ,ডা° মিথুনজিত কৃষ্ণণ,ডা° মুকুট শীল,ডা° শিশিৰ সিং,ডা° এন ভেলমুৰগন,ডা° মিথ্ৰা হেগড়ে ,ডা° আদিত্য মিত্ৰ,ডা° লৰা মিশ্ৰ আৰু চিকয় ৱাঙে “অফলাইন বক্তা’ হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে৷ ডাঃ শিশিৰ সিঙে এই বাৰ্ষিক অধিৱশনতে ডাঃজি ভি স্মাৰক বক্তৃতা প্ৰদান কৰে৷ এই অধিৱেশনৰ লগত সংগতি ৰাখি ছাইণ্টিফিক চেছন,বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হয়৷ অধিৱেশনৰ মুকলি সভাত সন্থাৰ সভাপতি ডা° ভি চন্দ্ৰশেখৰ,যুটীয়া সম্পাদক আৰ মোহন কুমাৰ,মুখ্য পৃষ্ঠপোষক ডা° দিব্যেন্দু মজুমদাৰ উপস্থিত থাকে আৰু ইয়াতে ডা° আদ্ৰিজা ডেকাৰ তত্ত্বাৱধানত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰদান কৰা হয় “ইয়ং এচিভাৰ এৱাৰ্ড”৷উল্লেখ্য যে অসমৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ডাঃ পল্লৱী য়াডুকাই ইয়ং এছিভাৰ এৱাৰ্ডত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আয়োজক কমিটিৰ অধ্যক্ষ ডাঃ এ চি ভূঞা আৰু সম্পাদক ডাঃ ৰুবী কটকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে৷

Leave A Reply

Your email address will not be published.