সামৰণি পৰিল শিশু চলচিত্ৰ মহোৎসৱ

0 348

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰে।বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰায় ৬০০০ছাত্ৰ ছাত্ৰীয়ে মহোৎসৱত অংশ লয়।সামৰণি অনুষ্ঠানৰ সম্পৰ্কত জ্যোতি চিত্ৰবনৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে চিনেমাৰ জৰিয়তে শিক্ষা মূলমন্ত্ৰৰে আগবাঢ়িছো এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকল সফল হৈছে বুলি অভিভাৱক সকলে জানিবলৈ দিছে।চিনেমা প্ৰদৰ্শনৰ লগতে ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞান মানসিকতা গঢ় দিবলৈ চেষ্টা চলাইছো।এই ক্ষেত্ৰত আঞ্চলিক বিজ্ঞান কেন্দ্ৰই সহযোগ কৰিছে।সামৰণি অনুষ্ঠানত চলচিত্ৰ নিৰ্মাতা বিনয় পাঠকে কয় যে এনে এটা মহোৎসৱত গুৱাহাটীলৈ আহি পায় যথেষ্ট সুখী হৈছো।অসমৰ আহাৰ মোৰ খুবেই প্ৰিয়।অসমলৈ আহিলে খৰিকাত আহাৰ গ্ৰহণ কৰো।উল্লেখযোগ্য যে কালিলৈ পৰা কলাক্ষেত্ৰত তথ্যচিত্ৰ মহোৎসৱ, চুটি ছবি, এনিমেচন ছবি মহোৎসৱ আৰম্ভ হ’ব য’ত দেশী বিদেশী চিনেমা প্ৰদৰ্শন হোৱাৰ উপৰিও বহুতো চলচিত্ৰ নিৰ্মাতাই অংশ ল’ব।

Leave A Reply

Your email address will not be published.