সাহিত্য প্ৰতিভাৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে এগৰাকী অসমীয়াই

0 180

সাহিত্য প্ৰতিভা আৰু সৃষ্টিশীল কৰ্মৰাজিৰ বাবে এগৰাকী অসমীয়া মহিলাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে।গুৱাহাটীৰ জাহ্নৱী বৰুৱা নামৰ মহিলা গৰাকীয়ে Auther Awardsৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।এই বঁটা প্ৰদান কৰিছে পেংগুইন ৰেণ্ডম হ’ম ইণ্ডিয়াই।উল্লেখযোগ্য যে জাহ্নৱী বৰুৱাই Undertow ৰ গ্ৰন্থৰ বাবে এই সন্মান লাভ কৰিছে।দিল্লীৰ তাজ পেলেচত আয়োজিত এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেঞ্চৰ যোগে এই বঁটা গ্ৰহণ কৰে।বঁটা লাভ কৰি জাহ্নৱী বৰুৱাই কয় যে এই বছৰৰ শ্ৰেষ্ঠ কল্প কাহিনী ক্ষেত্ৰত এই বঁটা লাভ কৰি মই আনন্দিত,অভিভূত।এই বঁটাৰ অংশীদাৰ হ’বলৈ পাই মই অতিকে সুখী।ইতিপূৰ্বে জাহ্নৱী বৰুৱাই Man Asian Literary Prize আৰু Commonwealth Guide Prize লৈ মনোনীত হৈছে।

Leave A Reply

Your email address will not be published.