সুগৰি পহু উদ্ধাৰ

0 236

আজি পুৱা জামুগুৰিহাটৰ নিকটৱৰ্তী চৈবাৰীৰ মাজগাঁৱত উদ্ধাৰ হয় ৩৫কেজি ওজনৰ এটা সুগৰি পহু । প্ৰাপ্ত বাতৰি মতে আজি পুৱাই মাজ গাঁৱৰ এঘৰত অকস্মাতে দৌৰি এটা পহু ঘৰৰ চোতালত উপস্থিত হয় আৰু লগে লগে গাঁৱৰ ৰাইজে পহুটোক ধৰি দিপলোঙা বনবিভাগক অৱগত কৰে । বনবিভাগ উপস্থিত হৈ পহুটো ধৰি চিজুছাৰ ৰেচকুই চেন্টাৰ লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে বিগত দিনবোৰত কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ মুক্ত বিচৰণ কৰা পৰিলক্ষিত হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.