সুধাকণ্ঠৰ প্ৰতিমূৰ্তি সচিবালয়ৰ সন্মুখত স্থাপন কৰাৰ বাবে আহ্বান জনাইছে,কিন্তু কোনে

0 251

দুদিনীয়া কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত হয় বি জে পিৰ অনুসূচিত জাতি মর্চাৰ কাৰ্য্যনিবাহক সভা। মঙলদৈৰ সনাতন সভাগৃহত অনুষ্ঠিত হোৱা এই সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
 
সভাৰ অন্তত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদ মেলত সদৰী কৰা অনুসৰি কাৰ্য্যনিবাহক সভাৰ প্ৰস্তাৱ অনুসৰি সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি সচিবালয়ৰ সন্মুখত স্থাপন কৰা হ’ব। মর্চাৰ সমিতিয়ে এই প্ৰস্তাৱ ইতিমধ্যে অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে।
 
 
আনহাতে অনুসূচিত জাতি লোকৰ বাবে সংৰক্ষিত ৮টা বিধানসভা সমষ্টিত নিৰ্বাচনৰ বাবে জাগৰণ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।এই সংবাদমেলত অনুসূচিত জাতি মর্চাৰ সভাপতি নবাৰুণ মেধি লগতে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস ,বিজেপি দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্র শৰ্মা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.