সেউজকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে চতিয়াৰ বিধায়কে

1 337

কেৱল পৰিবেশ দিৱসৰ দিনটোতেই বৃক্ষৰোপন কৰি শেষ কৰাতেই ক্ষান্ত নাথাকি চতিয়া সমষ্টিক সেউজীকৰণ কৰি পৰিৱেশ ভাৰসাম্য কৰি তুলিবৰ বাবে বিধায়ক পদ্ম হাজৰিকাই এটাৰ পিছত আন এটা কাৰ্য্যসুচী হাতত লোৱা পৰিলক্ষিত হৈছে৷ বিশ্ব পৰিবেশ দিৱসৰ দিনটোত সমষ্টিটো অন্তৰ্গত প্ৰতিটো পঞ্চায়ততে ১হাজাৰ আৰু প্ৰতিটো জিলা পৰিষদতে মুঠ ৫ হাজাৰ গছপুলি ৰোপন কৰাৰ পিছত শণিবাৰে সমষ্টিটোৰ কেইবাটাও পঞ্চায়ত এক হাজাৰকৈ বৃক্ষ ৰোপন কৰি ২০ হাজাৰ গছপুলি ৰোপনৰ ব্যৱস্থা হাতত লোৱাৰ লগতে চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ পঞ্চায়তৰ অন্তৰ্গত চাৰিদুৱাৰৰ ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ত এখন বনঔষধি বাগিছাত গছপুলি লগাই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে গড়মৰা পঞ্চায়ততো মুঠ ৬ হাজাৰ গছপুলি ৰোপন কৰে। উল্লেখ্য যে কেৱল বৃক্ষ ৰোপন কৰাই নহয়,গছপুলিসমুহ জীয়াই ৰখি সুৰক্ষিত কৰি ৰাখিবৰ বাবে বাঁহৰ ঘেৰ বনাই পুলি সমূহক সুৰক্ষা প্ৰদান কৰিবৰ বাবে সকলোকে আহ্বান জনাইছে বিধায়ক গৰাকীয়ে এইক্ষেত্ৰত গড়মৰা পঞ্চায়তৰ সভাপতি তথা যুৱনেতা সহন প্ৰধানে এই গছপুলি সমূহৰ সুৰক্ষাৰ বাবে ১২০০ কৈ অধিক বাহঁৰ ঘেৰ নিজাববীয়াকৈ নিৰ্মাণ কৰি গড়মৰা পঞ্চায়তক এক নতুন ৰূপে গঢ় দিয়াৰ চেষ্টাক শলাগ লৈছে বিধায়ক গৰাকীয়ে। প্ৰকৃতি সুৰক্ষা তথা ভাৰসাম্য ৰক্ষাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ সেউজী আৰু প্ৰদুষণ মুক্ত অসমৰ বাবে বিধায়কগৰাকীয়ে লোৱা এই প্ৰচেষ্টাৰ সকলোৱে শলাগ লৈছে ৷ আজিৰ এই বৃক্ষৰোপন কাৰ্যসূচীত তেজপুৰৰ জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ আৰু জিলা বন্যপ্ৰানী বিষয়া পংকজ শৰ্মা উপস্থিত থাকে।

1 Comment
  1. Sanjay kalita says

    Xundor ..

Leave A Reply

Your email address will not be published.