সেউজ গ্ৰন্থমেলা আয়োজন

0 266

ব্যাপক উৎসাহ উদ্দীপনাৰ ঐতিহ্যমণ্ডিত বোকাখাত চহৰৰ গড়মূৰ হাইস্কুল খেলপথাৰত অহা ৬জানুবাৰীৰ পৰা ৮ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদৰ সেউজ গ্ৰন্থমেলা অনুষ্ঠিত হ’ব ।প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা  সেউজ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব ।কালি বোকাখাতৰ মহকুমাধিপতি কাৰ্য্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত প্ৰমোদ কলিতাই এই কথা সদৰী কৰি কয় যে বোকাখাত ষ্টেডিয়ামৰ পৰা গড়মূৰ হাইস্কুল খেলপথাৰত পৰিভ্ৰমণ কৰি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে শুভাৰম্ভ হ’ব।বিভিন্ন জাতি জনজাতিৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব লগা গ্ৰন্থমেলাখন উদ্বোধন কৰিব গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ ব্ৰোথাই।উক্ত অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, কনক সেন ডেকা, কামাখ্যা প্ৰসাদ তাচা, হৃষীকেশ গোস্বামী ,ডক্টৰ জয়ন্ত মাধৱ বৰা উপস্থিত থাকিব ।

Leave A Reply

Your email address will not be published.