সেনা-আৰক্ষীৰ চাইকেল ৰেলীয়ে ঢকুৱাখানাৰ ভোটকেন্দ্ৰত সজাগতা সৃষ্টি

0 287

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকাৰ সময়তে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ নেতৃত্বত চিআৰপিএফৰ সহযোগত ভিতৰুৱা অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ থকা অঞ্চলসমূহত বাইচাইকেল আৰু খোজকাঢ়ি সজাগতা অভিযান চলাইছে।
আৰক্ষী আৰু জনগণৰ মাজত সু-সম্পৰ্ক ৰক্ষাৰ লগতে সমাগত নিৰ্বাচন মুক্ত আৰু নিকাকৈ ৰূপায়ণ কৰাত ৰাইজৰ সহযোগিতা বিচাৰি গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি, পুৰুষ-মহিলা,গাঁও বুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যৰ লগত মত বিনিময় কৰে সেনা আৰক্ষীৰ দলটোৱে ।
ঢকুৱাখনা আৰক্ষী থানাৰ পৰিদৰ্শক ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটি দলে বাইচাইকেল লৈ আজি পুৱাৰে পৰা এইদৰে সজাগতা সৃষ্টি কৰাৰ সময়ত ৰাইজৰ সহযোগিতা লাভ কৰা বুলিও জানিব পৰা গৈছে৷

Leave A Reply

Your email address will not be published.