সোণাৰিত চাহ শ্ৰমিকৰ প্ৰশংসনীয় পদক্ষেপ

0 270

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীয়ে বিশ্ববাসীক শংকিত কৰি তোলাৰ লগতে বিশ্ব অৰ্থনীতিলৈও  অনিশ্চয়তাৰ আনিছে। ক’ৰণা ভাইৰাছ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে লক ডাউন ঘোষণা কৰাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন ক্ষতিগ্ৰস্ত হৈছে।
 
 
একেদৰে অসমৰ বিভিন্ন উদ্যোগসমূহ বিধ্বস্ত হৈ পৰিছে। বিশেষকৈ লাখ লাখ পৰিয়ালৰ জীৱন জীৱিকা নিৰ্ভৰ কৰা অসমৰ চাহ উদ্যোগলৈও  অশনি সংকেট নামি আহিছে। লক ডাউনৰ বাবে এমাহৰো অধিক কাল চাহ বাগিচা সমূহ বন্ধ হৈ থকাত বাৰুকৈয়ে চাহ উদ্যোগ সমূহ  বিপৰ্যয় সন্মুখীন হৈছে।
 
ৰাজ্যৰ চাহ বাগিচা সমূহত কৰ্মৰত লক্ষাধিক চাহ শ্ৰমিকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। বহু চাহ শ্ৰমিক পৰিয়ালত এতিয়া এসাজ খাই আন এসাজলৈ চিন্তা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে।
 
সম্প্ৰতি লক ডাউন চৰকাৰে কিছু শিথিল কৰিছে। চৰকাৰে চাহ বাগিচা খুলিবলৈ অনুমতি প্ৰদান কৰিছে। চৰকাৰী নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি চাহ বাগিচাত শ্ৰমিকক নিয়োজিত কৰিছে।
 
তেনে সময়তে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে চৰাইদেউ জিলাৰ অন্যতম বৃহৎ চাহ বাগিচা টাওকাক চাহ বাগিচাৰ শ্ৰমিকসকলে। জয়শ্ৰী টি এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধীনস্থ টাওকাক চাহ বাগিচাৰ পোন্ধৰ শতাধিক চাহ শ্ৰমিক দেওবাৰে  শ্ৰমদান কৰিবলৈ ওলাই আহিল। টাওকাক চাহ বাগিচাৰ পৰিচালক বিনোদ ৰাজ পুৰোহিতৰ নেতৃত্বত বাগিচাখনৰ পোন্ধৰ শতাধিক পুৰুষ মহিলা শ্ৰমিকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পিন্ধি শ্ৰমদান কৰিলে আপোন বাগিচাখনত।
মাহজোৰা লক ডাউনৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচা সমুহত পাত ছিঙা কাম সম্পূৰ্ণ বন্ধ হৈ থকাত কেঁচাপাতৰ উৎপাদন নগণ্য হোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত শ্ৰমিকসকলৰ ভৱিষ্যতৰ প্ৰতি অন্ধকাৰ নামি আহিছে।
তেনে সময়তে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰা টাওকাক চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষক সহায় কৰিবলৈ স্বইচ্ছাৰে আগবাঢ়ি আহিল। উল্লেখ্য যে ২০১৫ চনৰ ন’বেল বঁটা প্ৰদানৰ এক অনুষ্ঠানত টাওকাক চাহ বাগিচাৰ চাহে আপ্যায়নৰ সুবিধা পাইছিল। বিশ্বত সমাদৰ লাভ কৰা এই বাগিচা খনৰ অধীনত মঞ্জুশ্ৰী, মংগলমকে ধৰি বহুকেইখন বাগিচাত যথেষ্ট সংখ্যক লোকে নিজৰ জীৱন আৰু জীৱিকা নিৰ্বাহ কৰি আছে।
তেনে পৰিপ্ৰেক্ষিতত সকলোৰে ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত চাহ শ্ৰমিকসকলে কোনো ধৰণৰ মজুৰি নোলোৱাকৈ এনেদৰে স্ব-ইচ্ছাৰে সহায় কৰিবলৈ আগবাঢ়ি অহাটো নিশ্চিত ভাৱে প্ৰশংসনীয়।
খবৰ যুগুতালে চৰাইদেউৰ পৰা অভিজিৎ ভূঞাই

Leave A Reply

Your email address will not be published.